বেৰৰ কাণ-সত্যজিৎ গগৈ

Pc Istock
বেৰৰ কাণ
কথাবোৰ নিজৰ মাজত থকাই ভাল
ফটা মুখেদি দুই ওঁঠৰ মাজেৰে
সৰকি যোৱা শব্দবোৰো
কেতিয়াবা হৈ পৰিব পাৰে শত্ৰু ।
প্ৰচলিত সমাজত কোৱা শুনো
‘বেৰৰো কাণ থাকে’
‘গাৰ ছালেই শত্ৰু’
পদুলি শুঙা মানুহৰো অভাৱ নাই।
কথাবোৰ বুকুতে বহিবলৈ দিয়ক
কঠিন শিল হৈ
ভাঙিবলৈ নিদিব হৃদয়
থান-বান হ’বলৈ নিদিব
মন আৰু মগজু।
বেৰৰ কাণখন বৰ থিয়
জীৱশ্ৰেষ্ঠ মানুহতকৈ
অথবা পথালিচকুৱা কুকুৰতকৈও…
সত্যজিৎ গগৈ
নাহৰকটীয়া