বেশভূষা
————-
কাহিলি পুৱা পাহাৰৰ পৰা নামে তাই
হোৰাত ভৰাই পাহাৰৰ আলু- কচু -আদা
বনৰীয়া কলডিল আৰু যে ক’ত কি
ভৈয়ামৰ মানুহে তাইক চাই ৰ’ লাগি
তাইৰ খুচনিত থাকে মিত-দা এখনি
নকৰে ভয় ,নিৰ্ভয়ে কৰে নিজৰ কাম
ভঙা ভঙা অসমীয়া কথাৰে
সকলোৰে মন মোহে
ভৈয়ামৰ পৰা নিয়ে পিঠা -পনা জা- জলপান
হোৰাত আটে মানে
নীড়মুখী পক্ষীৰ কাকলিত
তাইৰ ঘৰমুৱা গতি
তাই পিন্ধে গাৰ্লে দখনা
কেৰু মণি থুৰীয়া
দুহাতত পিন্ধে ফুলৰ মালা
তাই যে দেখাত অপৰূপা
পাহাৰ ভৈয়াম সমন্বয়ৰ সাঁকোডালি গঢ়োতা
সাতভনীৰ সোণৰ অসমত
সুকীয়া সুকীয়া বেশভূষাৰে
অনৈক্যৰ মাজত ঐক্যতা আছে বৰ্তী
নকৰি হিংসা নাৰাখি বিভেদ
পাহাৰ ভৈয়াম মিলি বান্ধে
সমন্বয় -সম্প্ৰীতি !
