বেলিৰ অন্তৰ্নিহিত সত্য
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
জীৱনত অনেক ধ্বংস দেখিছোঁ!
এসময়ত সপোনৰ
বিম্ব ভাঙি গ’ল,
আন সময়ত হৃদয়ৰ
নিবিড় সম্পৰ্কৰ
মূল ছিঙি পৰিল।
অসংখ্য স্নেহ-মমতাৰ
সূক্ষ্ম মুহূৰ্ত হেৰাল,
আৰু কেতবোৰ সন্ধিক্ষণত,
হয়তো আত্মৰ কিছুমান
খণ্ডও নিঃশেষ হ’ল।
তথাপি, প্ৰত্যেক প্ৰভাতৰ
অপূৰ্ব দীপ্তিয়ে মোক পুনৰ
উৎসাহ প্ৰদান কৰে,
বাচি থকাৰ সঙ্কল্প
নবিকৰ কৰে।