বেলজিয়ামত গ্ৰেপ্তাৰ মেহুল চোকছি
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক ব্যৱসায়ী, ধনকুবেৰ মেহুল চোকছি। পঞ্জাব নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণ জালিয়াতিৰ গোচৰত অভিযুক্ত হীৰা ব্যৱসায়ী মেহুল চোকছিক বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হৈছে।বহুদিনৰ পৰাই পলাতক অৱস্থাত আছিল মেহুল চোকছি। শনিবাৰে বেলজিয়ামত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। শীঘ্ৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে চোকছিক।সূত্ৰ অনুসৰি, শনিবাৰে বেলজিয়ামৰ পৰা মেহুল চোকছিক গ্ৰেপ্তাৰ কৰা হয়। ৬৫ বছৰীয়া হীৰা ব্যৱসায়ীজন বৰ্তমান বেলজিয়ামৰ কাৰাগাৰত আছে।জানিব পৰা মতে, ২০১৮ আৰু ২০২১ চনত মুম্বাইৰ আদালতে জাৰি কৰা দুটা ৱাৰেণ্টৰ ভিত্তিত চোকছিক গ্ৰেপ্তাৰ কৰা হয়। আন এক সূত্ৰ অনুসৰি মেহুল চোকছিয়ে স্বাস্থ্যজনিত কাৰণত জামিনৰ বাবে আৱেদন কৰিব পাৰে। দুটা তদন্তকাৰী সংস্থা – চিবিআই আৰু ইডিৰ ৱাণ্টেড তালিকাত আছিল মেহুল চোকছি । তেওঁৰ বিৰুদ্ধে পঞ্জাৱ নেচনেল বেংকত ১৩,৫০০ কোটি টকাৰ ঋণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপন হৈছিল । নীৰৱ মোডীৰ বিৰুদ্ধেও এই প্ৰৱঞ্চনাৰ অভিযোগ আছে । বৰ্তমান লণ্ডনত আছে নীৰৱ । তেওঁক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিবলৈও অনুৰোধ জনাইছে চৰকাৰে। মেহুল চোকছি আৰু নীৰৱ মোদীয়ে পঞ্জাব নেচনেল বেংকত ১৩,৫০০ কোটি টকা ঋণ জালিয়াতি কৰে। এই বৃহৎ পৰিমাণৰ ধন তেওঁ মুম্বাইৰ ব্ৰেডী হাউছ শাখাৰ পৰা ভুৱা লেটাৰ অৱ আণ্ডাৰটেকিং আৰু বিদেশী লেটাৰ অৱ ক্ৰেডিট দেখুৱাই ধাৰ লৈছিল। ২০১৮ চনৰ জানুৱাৰী মাহত চোকছি আৰু নীৰৱ মোডীয়ে দেশ এৰি পলায়ন কৰে। কিছু সপ্তাহৰ পিছত দেশৰ দ্বিতীয় বৃহত্তম বেংকৰ এই বৃহৎ আৰ্থিক জালিয়াতি অভিযোগ পোহৰলৈ আহে। এই অভিযোগ উত্থাপন হোৱাৰ পূৰ্বেই দেশ এৰি পলায়ন কৰিছিল দুয়োজনে ।