বেয়া দিশবোৰৰ পৰা নিজকে আঁতৰাই আনক
আমি মানৱ ৰূপত জন্মগ্ৰহণ কৰাটো আমাৰ বাবে অতিশয় সৌভাগ্যৰ কথা। আমাৰ মানৱ জীৱনটোক আমি এক নিকা ভৱিষ্যতলৈ আগুৱাই লৈ যোৱাটো আমাৰ প্ৰধান কৰ্তব্য নহয়নে?। আপুনি নিজকে সদায় একেটাই প্ৰশ্ন কৰিব যে নিজৰ অতীতৰ তুলনাত বৰ্তমানে সময়লৈকে মই নিজৰ মাজত কিমান পৰিবৰ্তন আনিবলৈ সক্ষম হলো। মুঠতে মানুহৰ সঠিক সময়ৰ আগমনৰ কোনো সঠিক দিন ধাৰ্য্য কৰাটো বহু কঠিন। কাৰণ আপুনি নিজকে যেতিয়া সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব সেই ক্ষণ মাত্ৰকে এক নতুন আৰু নিকা ভবিষ্যতৰ আৰম্ভণি বুলি ধৰি লওঁক। হয়তো ইয়াৰ আৰম্ভণিৰ সময় ৮০ বছৰৰ পাছতো হ’ব পাৰে নাইবা আমাৰ মস্তিষ্কৰ জ্ঞান বৰ্ধন লগে লগেই সঠিক সময়ৰ আৰম্ভণি হ’ব পাৰে। ইয়াতে হয়তো কিছুমান মানুহে মোৰ কথাখিনি ধৰিব পাৰিছে । কিন্তু বেছিভাগ মানুহৰে মনৰ মাজত বহু কৌতুহলৰ সৃষ্টি হৈছে নহয়নে?। আচলতে মই ইয়াত নিকা ভবিষ্যতৰ বিষয়ে এনেকৈ উল্লেখ কৰিবলৈ বিচাৰিছোঁ যে, আমি প্ৰতিজন মানুহে ব্যক্তিগত ৰূপে দিনক দিনে সদায় শুদ্ধ আৰু সত্য পথত এক সকাৰাত্মক দৃষ্টিভংগীৰ সৈতে জীৱন অতিবাহিত কৰিবলৈ চেষ্টা কৰিব লাগে।
আচলতে এই সংসাৰত জন্ম গ্ৰহণ কৰা প্ৰায়বোৰ সুস্থ সৱল মানুহে নিজ নিজ বেয়া দিশবোৰ নিজৰ মনৰ মাজতে উদ্ধাৰ কৰিবলৈ নিশ্চয় সক্ষম নহয়নে?। তথাপিও আমি নিজকে পৰিবৰ্তন কৰিবলৈ তৎপৰ নহওঁ। অৰ্থাৎ আমি আমাৰ বেয়া দিশবোৰকে আমাৰ জীৱন প্ৰণালীৰ এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰি লওঁ। কিন্তু কেতিয়াবা গহীনভাবে ভাবি চাইছোনে বেয়া দিশবোৰৰ জৰিয়তে আমি যিমানখিনি আনন্দ উপভোগ কৰিবলৈ সক্ষম তাতোকৈও চাগে সীমাহীন আনন্দৰ উৎস হ’ব সত্য,নিকা পথৰ অবলম্ব কৰি জীৱন নিৰ্বাহৰ পথ সুনিশ্চিত কৰিলে। আমাৰ ব্যক্তিগত বাহ্যিক দুখতকৈ অধিক ভয়ানক আমাৰ আন্তৰিক দুখ সমূহ। গতিকে সময়ৰ লগে লগে নিজৰ বাহ্যিক আৰু আন্তৰিক দুখ সমূহ নাইকীয়া কৰি এজন সম্পূৰ্ণ মানৱীয় ৰূপত আত্মপ্ৰকাশৰ প্ৰতি আগ্ৰহী হওঁক।’সময় কাৰো বাবে ৰৈ নাথাকে’ এই কথাটো যদি আপুনি সচাকৈ উপলব্ধি কৰিবলৈ সক্ষম তেন্তে আজিয়ে বেয়া দিশবোৰৰ পৰা নিজকে আঁতৰাই আনক ।কাৰণ পৃথিৱীত জন্মগ্ৰহণৰ লগে লগে সকলো মানুহৰে এক সুকীয়া অস্তিত্ব আছে।
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি, অসম
