বেয়া কাম-কাজৰ প্ৰতি কেতিয়াওঁ সমৰ্থন আগবঢ়াব নালাগে- চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি,অসম

P.c.-Christian Research Institute

বেয়া কাম-কাজৰ প্ৰতি কেতিয়াওঁ সমৰ্থন আগবঢ়াব নালাগে:-

এই সংসাৰ খনত মানুহৰ দ্বাৰা সম্পাদন কৰা কাৰ্য্য প্ৰণালীবোৰ দুটা দিশত ভাগ কৰিব পাৰি। অৰ্থাৎ প্ৰতিটো কাৰ্য্যতে ইতিবাচক আৰু নেতিবাচক এই দুই দিশ অন্তৰ্নিহিত হৈ থাকে। আচলতে এই দুয়োটা দিশকে মানুহে সৃষ্টিৰ আৰম্ভণিৰ পৰা আৰু নিজ নিজ আত্ম উপলব্ধি, ব্যক্তিগত অনুভৱবোৰৰ জৰিয়তে উদ্ধাৰ কৰি আহিবলৈ সক্ষম হৈছে। এতিয়া কথা হ’ল এজন মানুহৰ দ্বাৰা সম্পাদন হোৱা যিবোৰ কৰ্ম মানৱ সমাজৰ সৰহসংখ্যক মানুহৰ বাবে বেয়া বুলি গণ্য কৰা হয় সেই কৰ্মবোৰ বাস্তৱতে বেয়া বুলিয়েই মানি ল’ব পাৰি। কিন্তু বৰ্তমান সময়ত আমাৰ মাজতে এনে বহুসংখ্যক লোকে এজন ব্যক্তিৰ দ্বাৰা সম্পাদন কৰা বেয়া বা নেতিবাচক কাৰ্য্য সমূহক কেবল মাত্ৰ ব্যক্তিগত লাভালাভৰ বাবে সমৰ্থন আগবঢ়োৱা পৰিলক্ষিত হয়। ইয়াৰ ফলত হয়তো কিছুমান ক্ষেত্ৰত ব্যক্তিগত লাভালাভ আয়ত্ত কৰাটো সম্ভৱ হৈ উঠে। কিন্তু আমি যদি প্ৰতিটো ক্ষেত্ৰতে বেয়া দিশবোৰক সমৰ্থন আগবঢ়ায় গৈ থাকো তেন্তে আমাৰ সমৰ্থন পোৱা বা বেয়া দিশত আগুৱাই যোৱা ব্যক্তিসকলে নিজৰ দ্বাৰা সম্পাদন কৰা বেয়া কাৰ্য্য সমূহতে নিজস্ব অধিকাৰ সাব্যস্ত কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে। ফলত নিজৰ দ্বাৰা সম্পাদন কৰা বেয়া কাৰ্য্য সমূহতো নিজৰ ব্যক্তিগত লাভালাভৰ বাবে প্ৰতিটো ক্ষেত্ৰতে সমৰ্থন বিচাৰিবলৈ আৰম্ভ কৰি দিয়ে।
এতিয়া কথা হল,প্ৰায়বোৰ মানুহে বাহ্যিকভাবে পদৰ্শন নকৰিলেওঁ আন্তৰিকভাবে গম পায় কি কৰিলে ভাল হয় আৰু কি কৰাটো বেয়া নহয়নে? তথাপিওঁ বৰ্তমান সময়ত  ব্যক্তিগত লাভালাভৰ বাবে বহুক্ষেত্ৰতে প্ৰায়বোৰ মানুহে নিৰ্ভয়তাৰ সৈতে বেয়া দিশ,বেয়া কৰ্মবোৰকে সমৰ্থন আগবঢ়োৱা দেখা যায় । আমাৰ পূৰ্বজ সকলৰ পৰা আৰম্ভ কৰি, আমাৰ অভিভাৱক সকলৰ উপৰিও  সমাজৰ জেষ্ঠ জনকে আদি কৰি, সমাজৰ প্ৰতিটো বৰ্গৰ সন্মানিয় বিষয় ববিয়া সকলৰ দ্বাৰা সম্পাদন কৰা কৰ্ম সমুহক অনুসৰণ কৰি এখন দেশ বা সমাজৰ ভবিষ্যত নিৰূপণ কৰিব পাৰি। গতিকে আমি যদি প্ৰতিটো ক্ষেত্ৰতে বেয়া কাম কাজকে সমৰ্থন আগবঢ়ায় যাবলৈ আৰম্ভ কৰি দিওঁ তেন্তে আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ভবিষ্যত কোনো দিশে ধাৱমান কৰিব সেয়া আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয়। আচলতে বেয়া কাম-কাজৰ প্ৰতি সমৰ্থন তেতিয়াহে আগবঢ়োৱা উচিত যেতিয়া উভয় পক্ষৰ একো ক্ষতিসাধন নহয় আৰু বৰঞ্চ উভয় পক্ষৰ মাজত লাভালাভে সাব্যস্ত হয় সেইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰখা উচিত। কিন্তু অতি দোষৰ বিষয় এইটোৱে যে, বৰ্তমান সময়ত ভাল ভাল কথাবোৰ কেৱল শুনিবলৈ, পঢ়িবলৈ বা ভিডিঅ’বোৰত নাটক আকাৰে কেৱল চাবলৈহে প্ৰায়বোৰ মানুহক ভাল লগা পৰিলক্ষিত হয়। বাস্তৱ জীৱনত প্ৰতিজন মানুহে যি যেনেকৈ পাৰে কেৱল নিজা স্বাৰ্থ পূৰণৰ পিছতেহে দৌৰি আছে।