বেবেজীয়াত বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক প্ৰদীপ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

বেবেজীয়াত বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক প্ৰদীপ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

আদিলুৰ ৰহমান, টুকটুকী, ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ বেবেজীয়াৰ নিবাসী সদ্য প্ৰয়াত অসম আন্দোলনৰ নেতা, বিশিষ্ট অভিনেতা, নাট্যকাৰ, পৰিচালক তথা সমাজকৰ্মী প্ৰদীপ শৰ্মাৰ এখনি স্মৃতিচাৰণ সভা মঙলবাৰে অনুষ্ঠিত কৰা হয়৷ স্বেচ্ছাসেৱী অনুষ্ঠান “ফ্ৰেণ্ডছ-এ হেল্পিং হেণ্ড”ৰ উদ্যোগত অনুষ্ঠিত হোৱা সভাখনি সঞ্চালনা কৰে প্ৰবীণ অভিনেতা তথা “ফ্ৰেণ্ডছ-এ হেল্পিং হেণ্ড”ৰ সভাপতি ৰাজেন শৰ্মাই৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সম্পাদক ললিত চন্দ্ৰ বেজবৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত উপস্থিত থাকি বিশিষ্ট গল্পকাৰ শিৱানন্দ কাকতি, বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ যাদৱ চন্দ্ৰ বৰা, প্ৰাক্তন উপাধ্যক্ষ বাণীকান্ত শৰ্মা, নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰা, সমাজকৰ্মী গিৰীশ বৰা, দেৱ বৰা আৰু শংকৰী কলাকৃষ্টিৰ সাধক অনন্ত হাজৰিকাই প্ৰয়াত প্ৰদীপ শৰ্মাৰ জীৱনাদৰ্শ আৰু কৰ্মৰাজিৰ আলোকপাত কৰাৰ লগতে অতীত স্মৃতি ৰোমন্থন কৰে। উক্ত সভাতে জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “প্ৰদীপ অৰ্ঘ” উন্মোচন কৰে প্ৰাক্তন মন্ত্ৰী, অৱসৰপ্ৰাপ্ত অধ্যাপক, শিক্ষাবিদ তথা সুবক্তা গিৰীন্দ্ৰ কুমাৰ বৰুৱাই৷ স্মৃতিগ্ৰন্থখনি উন্মোচন কৰি শিক্ষাবিদ বৰুৱাই কয় যে এজন ব্যক্তিৰ নামত প্ৰকাশ পোৱা এখনি স্মৃতিগ্ৰন্থই ব্যক্তিজনৰ কৰ্মৰাজিৰ লগতে বংশ মৰ্যাদাৰ পৰিচয় দাঙি ধৰে। ব্যক্তিগৰাকীৰ জীৱন দৰ্শনে সকলোকে অনুপ্ৰাণিত কৰাৰ লগতে সমাজ গঢ়াৰ ক্ষেত্ৰত এক আদৰ্শ দাঙি ধৰে। কবি তথা শাস্ত্ৰজ্ঞ নৰেন চন্দ্ৰ নাথে এটি কবিতা পাঠেৰে সৌষ্ঠৱ বৃদ্ধি কৰা সভাখনিত প্ৰয়াত শৰ্মাৰ পৰিয়ালৰ তৰফৰ পৰা কনিষ্ঠ ভাতৃ অজিত শৰ্মা, যতীন্দ্ৰ নাথ শৰ্মা, ভাই বোৱাৰী বিউটি বেজবৰুৱা শৰ্মাৰ লগতে সমজুৱাৰ ফালৰ পৰা প্ৰদ্যুন্ম গোস্বামীয়েও চমু বক্তব্য আগবঢ়ায়। উল্লেখ্য, সভাৰ আৰম্ভণিতে অভিনেতা ৰাজেন শৰ্মাই প্ৰয়াত প্ৰদীপ শৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা আৰু সাংবাদিক দেৱজিৎ হাজৰিকাই আঁত ধৰা সভাখনিত ধিং কে বি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বকুল চন্দ্ৰ শৰ্মা, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰতিকান্ত শৰ্মা, প্ৰবীণ শিল্পী গম্ভীৰ নাথ, সমাজসেৱী নবীন বেজবৰা, নাৰায়ণ হাজৰিকা, ভূমিধৰ শৰ্মা, দিপ্তী খাটনিয়াৰ, নাট পৰিচালক দিলীপ লস্কৰ, অভিনেতা দীপ বৰা, শিক্ষক জিতু বৰা, মহেশ্বৰ হাজৰিকা, লক্ষী নাৰায়ণ বৰা, “ৰ’দঘাই বেবেজীয়া”ৰ সম্পাদক ৰঞ্জন হাজৰিকা, ভূৰাগাঁও মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ৰিপুঞ্জয় শৰ্মাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে৷