অণুগল্প
বেনাৰ
শৈলেন কুমাৰ,মিৰ্জা
ৰাজনীতি হওক বা সামাজিক যিকোনো কাম কৰিবলৈ আজিকালি এখন বেনাৰৰ প্ৰয়োজন,বেনাৰৰ ছত্ৰছায়াত নাথাকিলে কোনোৱে কাকো মুল্য নিদিয়ে ৷ মৰণকে শৰণ কৰি অভিজিতে হুমুনিয়াহ এটা কাৰি কৈ উঠিল বিকলাংগ আৰু অসহায় লোকেহে লাখুটিৰ সহায় লয়,সঁচা কথা কোৱাৰ বাবে বুকৰ সৎসাহস খিনিয়েই যথেষ্ট ৷