অনুগল্প
বেদনাৰ অশ্ৰু
পৰিস্মৃতা বৰা হাজৰিকা
মাজুলী
বাৰাণ্ডাতে বহি উচুপি আছে ৰমলা পেহীয়ে । আজি একমাত্ৰ পুত্ৰৰ জন্মদিন । বাৰে বাৰে মনত পৰিছে অতীতৰ সেই দিনবোৰ । মধুৰ স্মৃতিবোৰ ভাহি উঠিছে দুচকুত । চাদৰৰ আচলেৰে চকুলো টুকিছে নিৰবে – নিশব্দে । সময়বোৰ দ্ৰুত গতিত পাৰ হৈ গল ৰমলা পেহীৰ চকুৰ সন্মুখতে । ধৰি ৰাখিবৰ চেষ্ঠা কৰিও ৰাখিব নোৱাৰিলে হেপাহৰ দিনবোৰ । এজাক ধুমুহাই শেষ কৰি যোৱা সপোনৰ ঘৰখন চাই হীয়া ভুকুৱাই কান্দিছে মানুহজনীয়ে । কিমান কষ্টৰে গঢ় দিছিল ঘৰখন । স্বামীৰ মৃত্যুৰ পিছত লোকৰ ঘৰত হাজিৰা কৰি ঘৰ চলোৱাৰ লগতে পুত্ৰৰ পঢ়াৰ খৰচ যোগাৰ কৰিছিল । কিন্তু পঢ়ি শুনি ভাল চাকৰি কৰি পাহৰি গল মাকৰ মৰম । চহৰৰ ছোৱালী বিয়া কৰাই পত্নীৰ কথা মতেই গাৱৰ পৰা , মাকৰ পৰা আতৰি গল চিৰদিনৰ বাবে । শূন্য হৈ গল ৰমলা পেহীৰ বুকুখন । দুখ হুমুনিয়াই বেৰি ধৰিলে মানুহ জনীক । বেমাৰে কোঙা কৰি অনা মানুহ জনীক চাবলৈ সময় নাই একমাত্ৰ পুত্ৰৰ । এসময়ৰ সুখৰ সংসাৰ খন ভাগি যোৱাৰ দুখতেই উচুপি উঠিল মানুহ জনী । নিজৰ মাতৃত্বৰ ওপৰতেই ঘৃণা উপজিল মানুহজনীৰ । কি পাপৰ ফলত এনে সন্তানৰ মা হল ? শিক্ষা দিওঁতই ভুল হল চাগৈ । কান্দি উঠিল ৰমলা পেহী । চিৰ দিনৰ বাবে পাহৰি যাব চেষ্ঠা কৰিলে একমাত্ৰ পুত্ৰৰ মুখ খন । কান্দি কান্দি সাবটি ধৰিলে পুত্ৰৰ ফটোখন । জোৰেৰে , খুব জোৰেৰে ফটোখন সাবটি কান্দিলে ৰমলা পেহীয়ে ।