বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত নাটৰ কৰ্মশালাৰ সামৰণি

বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ত নাটৰ কৰ্মশালাৰ সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু “সচিত্ৰ পুথি সাংস্কৃতিক গোষ্ঠী”ৰ সহযোগত ১৭ জুলাইৰ পৰা আৰম্ভ হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ “বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়”ত চলা নাটকৰ কৰ্মশালাৰ ২৭ জুলাইত সফলভাৱে সামৰণি পৰে। সামৰণি অনুষ্ঠানত উপস্থিত থাকে বেতকুছি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সভাপতি ধ্ৰুৱজ্যোতি তালুকদাৰ আৰু প্ৰধান শিক্ষয়িত্ৰী সাবিত্ৰী কলিতাৰ লগতে উপস্থিত থাকে সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ৰাতুল বৰা, ধীৰাজ কুমাৰ আদি। সামৰণিত ছাত্ৰ-ছাত্ৰী সকলে পৰিৱেশন কৰে কুলদ্বীপ তালুকদাৰৰ দ্বাৰা ৰচিত আৰু পৰিচালিত নাটক ’শ্বহীদৰ বীৰগাথ’ সহযোগী পৰিচালনা ভাশ্বতী বৰা। “দিব্যাংগ নাট্য বিদ্যালয়”ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদৰ নেতৃত্বত চলা ১০ দিনীয়া নাট্য কৰ্মশালাৰ প্ৰশিক্ষক হিচাপে আছিল কুলদীপ তালুকদাৰ, ভাশ্বতী বৰা, অঞ্জন শৰ্মা, মন্টু ডেকা, মানবেন্দ্ৰ ৰংহাং চৌধুৰী আৰু ৰাজীৱ কুমাৰ সাউদ। ছাত্ৰ- ছাত্ৰী সকলে সামৰণিত নাটক পৰিৱেশন কৰাৰ লগতে মাধূৰ্য্য তালুকদাৰ, বিতোপন দাস আৰু আদৃকা হাজৰিকাই কবিতা আবৃত্তি কৰে। এই কৰ্মশালাত ২৮ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰাৰ উপৰিও দিব্যাংগ নাট্য বিদ্যালয়ৰ ৫ জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শেষত অসম চৰকাৰৰ লগতে সকলোকে ধন্যবাদ প্ৰদান কৰে এই কৰ্মশালাৰ পৰিচালক দিব্যাংগ নাট্য বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ কুমাৰ সাউদে।