বেডমিন্টন এছিয়া চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশ আয়ুসৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ১৯৬৫ চনৰ পাছত বেডমিন্টন এছিয়া চেম্পিয়নশ্বিপৰ পুৰুষ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰা ভাৰতৰ প্ৰথমগৰাকী খেলুৱৈৰূপে পৰিগণিত হ’ল প্রতিভাবান শ্বাটলাৰ আয়ুস শেট্টী। চীনত পূর্ণগতিত চলি থকা প্রতিযোগিতাখনৰ শনিবাৰে অনুষ্ঠিত পুৰুষ ছিংগলছৰ ছেমিফাইনেল মেচখনত বিশ্বৰ ২৫সংখ্যক বাছনিৰ আয়ুসে ডিফেণ্ডিং চেম্পিয়ন, শীর্ষ বাছনি প্রাপ্ত তথা পেৰিছ অলিম্পিকৰ ৰূপৰ পদক জয়ী আৰু ২০২৩ চনৰ বিশ্ব চেম্পিয়ন থাইলেণ্ডৰ কুনালভুট ভিটিডছার্নক কঠিন যুঁজৰ অন্তত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰাই নহয় এক ইতিহাসো ৰচনা কৰে। ১ ঘণ্টা ১৫ মিনিট ধৰি চলা কঠিন যুঁজৰ মেচখনত আয়ুসে থাইলেণ্ডৰ প্রতিদ্বন্দ্বীগৰাকীক ১০-২১, ২১-১৯, ২১-১৭ গেমত পৰাস্ত কৰে। মেচখনৰ প্ৰথমটো গেমত আয়ুসে আত্মসমর্পণ কৰে যদিও দুর্দান্ত প্রত্যাবর্তন কৰি পৰৱৰ্তী দুয়োটা গেম নিজৰ আয়ত্তত ৰাখি ফাইনেলত স্থান নিশ্চিত কৰে ভাৰতীয় শ্বাটলাৰগৰাকীয়ে। থাইলেণ্ডৰ তাৰকা শ্বাটলাৰগৰাকীৰ বিপক্ষে আয়ুসৰ এয়া আছিল দ্বিতীয় মুখামুখি। যোৱা বছৰ আগষ্ট মাহত আর্কটিক অ’পেনত প্রথমবাৰৰ বাবে দুয়োজনে পৰস্পৰৰ মুখামুখি হৈছিল যদিও মেচখনত আয়ুসে পোনপটীয়া গেমত পৰাজয় স্বাকীৰ কৰিছিল। আজি হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত ভাৰতীয় শ্বাটলাৰগৰাকীয়ে দ্বিতীয় বাছনি প্রাপ্ত চীনৰ শ্বি ইউ কিৰে মুখামুখি হ’ব।
