বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয়ৰ

Pc Zee News

বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ এইচ এছ প্ৰণয়ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২২ বৰ্ষৰ বেডমিণ্টন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতীয় শ্বাটলাৰ এইচ এছ প্ৰণয়ে লক্ষ্য সেনক ৰাউণ্ড অৱ ১৬ত পৰাস্ত কৰি পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ২০২১ চনৰ ব্ৰঞ্জৰ পদক বিজয়ীগৰাকীক ১৭-২১, ২১-১৬, ২১-১৭ গ’লত পৰাস্ত কৰিছিল প্ৰণয়ে। এঘণ্টা ১৫ মিনিট ধৰি এই মেচখন চলিছিল। ইয়াৰ পূৰ্বে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পৰাজয়ৰ পিছত ছাইনা নেহৱাল প্ৰতিযোগিতাৰ পৰা বাহিৰ হয়।