‘বেটি বচাও , বেটি পঢ়াও’ আঁচনিৰ অধীনত চিৰাম উ:মা: বিদ্যালয়ত ‘বাল্য বিবাহমুক্ত মাজুলী’ অভিযানৰ সজাগতা সভা সম্পন্ন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- ‘ বেটি বচাও , বেটি পঢ়াও’ আঁচনিৰ অধীনত ‘বাল্য বিবাহমুক্ত মাজুলী’ অভিযানৰ অংশস্বৰূপে আজি উজনি মাজুলীৰ চিৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা মহিলা আৰু শিশু বিকাশ বিভাগ, জিলা প্ৰশাসন, আৰক্ষী বিভাগ আৰু শিক্ষা বিভাগৰ যৌথ উদ্যোগত বিদ্যালয়খনিৰ প্ৰধান পদুম মহন্তৰ সভাপতিত্বত এখনি সজাগতা সভা অনুষ্ঠিত হয়। লিংগ বিশেষজ্ঞ ৰিম্পী ভূঞাই আঁত ধৰা সভাখনিত সমল ব্যক্তি হিচাপে উপস্থিত থকা কুশদীপ হাটীমতাই অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিপৰীতে বিজ্ঞানভিত্তিক চিন্তাধাৰাৰ প্ৰচাৰৰ জৰিয়তে বাল্য বিবাহমুক্ত সমাজ গঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত বক্তব্য আগবঢ়ায়।
জিলা মহিলা সৱলীকৰণ কেন্দ্ৰৰ জিলা মিছন সমন্বয়ক কুকি বৰুৱা উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক ১০৯৮ শিশু হেপ্ললাইন নম্বৰৰ ব্যৱহাৰৰ বিষয়ে অৱগত কৰাৰ লগতে শিশুৰ শিক্ষাৰ অধিকাৰ আৰু ‘বেটি বচাও বেটি পঢ়াও’ আঁচনিৰ ওপৰত মন্তব্য আগবঢ়ায় লগতে অংশগ্ৰহনকাৰী সকলক উদেশ্য কৰি বাল্য বিবাহ মুক্ত মাজুলী গঠনৰ প্ৰয়োজনীয়তা সন্দৰ্ভত অৱগত কৰে । সভাখনিত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি দীনাৰাম বৰা আৰু বিষয়-ববীয়া সকল , শিক্ষক গোট , বিদ্যালয়ৰ কৰ্মচাৰী , বিদ্যালয়খনিৰ অৱসৰপ্ৰাপ্ত শিক্ষক গণেশ ৰাজখোৱাকে ধৰি অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।