বেজাৰত জহিছে শৰৎ – আয়শা ছিদ্দিকা

Pc StarClinch

জুবিন গাৰ্গক স্মৰণ কৰি

বেজাৰত জহিছে শৰৎ

আয়শা ছিদ্দিকা( আছৰি )
বাংলিপাৰা, বৰপেটা 

এইবাৰ শৰতৰ আগমণে
সুখৰ বা কঢ়িয়াই নানে
শেৱালীৰ মতলীয়া গোন্ধত
মন বিভোৰ নহয়
বিষাদৰ জুই আৰু
হেৰুৱাৰ বেদনাই সকলো
সুখ, উল্লাস, আনন্দ
যেন তল পেলাইছে।
সুখ- দুখৰ প্ৰতিটো সুৰত
তুমিয়েই যেন লগৰী
তোমাৰ গীতৰ প্রতিধ্বনিত
আমি পাওঁ বিষদত
শান্তিৰ প্ৰলেপ
আজি যেন স্তব্ধ সেই সুৰ
শূন্য আকাশত নিঃশব্দৰ গুঞ্জনে
হৃদয় বিদীর্ণ কৰি
কেৱল চকুপানী
আৰু হাহাকাৰ চৌদিশে।
তোমাৰ উপস্থিতি তোমাৰ স্মৃতি
অসমৰ বুকুত চিৰঞ্জীৱ হৈ ৰ’ব
প্ৰজন্মে প্ৰজন্মে গাই থাকিব
তোমাৰ সুৰ তোমাৰ গীত।
হে সুৰৰ সম্ৰাট
তোমাৰ বিদায়ে
শৰতকো নিস্তব্ধ কৰি
আৱেগিক কৰি তুলিলে
সুখৰ ছাঁ বিলোৱা এৰি
এতিয়া যেন  তোমাৰ বেজাৰত
জহি খহি চুৰ্ণ বিচুর্ণ হৈছে।
তুমি অসমৰ এটি উজ্জ্বল নক্ষত্ৰ
যি অম্লান হৈ উজলি থাকিব সদায়
প্ৰজন্মে প্ৰজন্মে সুৰৰ ঝংকাৰত।