বেছামাৰী আঞ্চলিক যুৱ সংঘৰ ‘অসম চক্ৰ’ বঁটা প্ৰাপক হিবজুৰ ৰহমানলৈ বিশেষ সম্বৰ্দ্ধনা

বেছামাৰী আঞ্চলিক যুৱ সংঘৰ ‘অসম চক্ৰ’ বঁটা প্ৰাপক হিবজুৰ ৰহমানলৈ বিশেষ সম্বৰ্দ্ধনা

ইকবাল হুছেইন,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ ধিংৰ বেছামাৰীত এখনি সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সত্ৰনগৰী মাজুলীৰ পৰা প্ৰকাশিত সাপ্তাহিক বাতৰি কাকত ‘অসম বাৰ্তা’ গোষ্ঠীয়ে তেওঁলোকৰ এই বছৰৰ দ্বিতীয় বৰ্ষপূৰ্তিত, যোৰহাট মুক্তি যুঁজাৰু ভৱনত, দক্ষিণ পাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী ননি গোপাল গোস্বামীৰ উপস্থিতত, চলিত বছৰৰ ২৭ ফেব্ৰুৱাৰীত, সামাজিক সেৱাৰ বাবে বেছামাৰী গাওঁ পঞ্চায়তৰ সভাপতি হিবজুৰ ৰহমানক*অসম চক্ৰ বঁটাৰে সন্মানিত কৰিছিল। বৃহত্তৰ বেছামাৰীৰ অঞ্চলৰ গৌৰৱ হিবজুৰ ৰহমানক, বেছামাৰী আঞ্চলিক যুৱ সংঘৰ উদ্যোগত, বেছামাৰী আঞ্চলিক খেলপথাৰত অনুষ্ঠিত হোৱা সম্বৰ্দ্ধনা অনুষ্ঠানত, বেছামাৰী আঞ্চলিক যুৱ সংঘ আৰু বেছামাৰী প্ৰেছ ক্লাৱৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে বিশেষ বাবে সম্বৰ্দ্ধনা জনায়। কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিত এই সম্বৰ্দ্ধনা সভাত সভাপতিত্ব কৰে, মৌলানা আব্দুল লতিফে, আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে আচান বাদালে। বিশিষ্ট সাংবাদিক পুলিন কাকতি, শিক্ষক সমাজ, অঞ্চলটোৰ গণ্য-মান্য ব্যক্তি আদি আজিৰ এই সম্বৰ্দ্ধনা সভাত উপস্থিত থাকি সমাজ সেৱক তথা স্থানীয় পঞ্চায়তৰ সভাপতি হিবজুৰ ৰহমানৰ এই ‘অসম চক্ৰ’ বঁটা প্ৰাপ্তৰ বাবে গৌৰৱবোধ কৰে।