বেচামাৰী আশ্ৰাফুল উলুম মাদ্ৰাছাত বাৰ্ষিক অধিবেশন ও দ্বীনি জলচাহৰ আয়োজন

বেচামাৰী আশ্ৰাফুল উলুম মাদ্ৰাছাত বাৰ্ষিক অধিবেশন ও দ্বীনি জলচাহৰ আয়োজন

দিলদাৰ হুছেইন,ধিং,ৰঙিলী বাৰ্ত্তাসেৱা – নগাওঁ জিলাৰ পশ্ছিম অঞ্চলৰ ধৰ্মীয় শিক্ষাৰ প্ৰাচীন শিক্ষানুষ্ঠান বেচামাৰী আশ্ৰাফুল উলুম মাদ্ৰাছাত অহা ১৭ ফেব্ৰুৱাৰীত দিন জোৰা কাৰ্য্যসূচীৰে মাদ্ৰাছা খনৰ বাৰ্ষিক অধিবেশন ও দ্বীনি জলচাহৰ অনুষ্ঠিত হব। বৰ্তমানৰ প্ৰতিযোগিতাৰ যুগত বিষাক্ত পৰিৱেশে যাতে দেশৰ ভৱিষ্যতৰ আমানত স্বৰূপ যুৱ প্ৰজন্মক নাস্তিকতাই ধ্বংশ কৰিব নোৱাৰে তাৰেই লক্ষ্য আগত ৰাখি মাদ্ৰাছা খনে যোগ যোগ ধৰি দ্বীনি শিক্ষা প্ৰধান কৰি আহিছে। ১৭ ফেব্ৰুৱাৰী শুক্ৰবাৰৰ দুপৰীয়াৰ পৰা আৰম্ভ হব লগা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে মহাৰাষ্ট্ৰৰ প্ৰখ্যাত দ্বীনি শিক্ষা প্ৰতিষ্ঠান জামিয়া ইছলামীয়া ঈশাতুল উলুম মাদ্ৰাছাৰ শিক্ষক মৌলানা ক্কাৰী ইব্ৰাহিম চাহাব, সন্মানীয় অতিথি হিচাপে বিহাৰৰ ভাগলপুৰৰ বিশিষ্ট ধৰ্মীয় গুৰু তথা আন্তৰ্জাতিক ক্কাৰী মৌলানা ক্কাৰী আফফান চাহাব, বিশিষ্ট অতিথি হিচাপে মদিনাতুল উলুম দলগাওঁ মাদ্ৰাছাৰ শিক্ষক মুফতি আছাদুল্লাহ বুলবুলি চাহাব আৰু গুৱাহাটীৰ ধীৰেন পাৰাৰ দাৰুল কোৰান ও চুন্নাহ মাদ্ৰাছাৰ প্ৰধান শিক্ষক মৌলানা ক্কাৰী ইচৰাফিল কাচিম চাহাব উপস্থিত থাকি ধৰ্মীয় আলোচনা আৰু কিৰাত পাঠ কৰিব বুলি আজি অভ্যৰ্থনা সমিতিয়ে জানিব দিয়ে। উল্লেখ্য যে প্ৰায় তিনিশ ছাত্ৰই অধ্যয়ন কৰা প্ৰতিষ্ঠানটোৰ পৰা এইবাৰ শিক্ষা সমাপ্ত কৰা ছাত্ৰ সকলক আনুষ্ঠানিক পাগুৰি প্ৰদান কৰা হব বুলি মাদ্ৰাছা খনৰ অধ্যক্ষ মুফতি হুছাইন আহমদ কাচিমিয়ে জানিব দিয়ে। অনুষ্ঠানটোত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ সকলো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে।