বেকাৰত্ব জীৱন – আব্দুৰ ৰশিদ

PC - Shutterstock

বেকাৰত্ব জীৱন

আব্দুৰ ৰশিদ, বৰপেটা

শিক্ষা জীৱনৰ সমাপ্তি
পাতনি মেলে নতুন জীৱন ।
যি জীৱনত প্ৰবাহিত হয়
দিনক দিনে নতুন অধ্যায় ।
প্ৰতিটো অধ্যায়তে সন্নিবিষ্ট হৈ থাকে
তিৰস্কাৰ, ঠাট্টা, ইতিকিং
আৰু যে কিমান……..
যাৰ যমৰ যাতনা প্ৰতিদিনেই
ভোগ কৰিব লাগে
বেকাৰত্ব জীৱনত।
পিতৃ-মাতৃৰ পৰা বন্ধু-বান্ধৱীলৈ
আনকি সমাজৰ প্ৰতিজন
ব্যক্তিৰ ওচৰত
তুচ্ছ-তাচ্ছিল্যৰে ভৰপুৰ জীৱনটো
এটা প্ৰকাণ্ড বোজা সদৃশ হৈ
লাঞ্চনা-বঞ্চনা মাজেৰে পাৰ হোৱা
জীৱনটোৱেই হ’ল বেকাৰত্ব।
নিয়োগ বাৰ্তাৰ পিছে পিছে ঘূৰি
হাবাথুৰি খায়
অৰ্ধ জীৱন অতিবাহিত কৰি
নিজকে সংস্থাপন কৰিব নোৱাৰি
অতি দুৰ্দশাৰ মাজেৰে পাৰ হোৱা
জীৱনটোৱে হ’ল বেকাৰত্ব।
ভাৰাক্ৰান্ত মনটো লৈ
নানা প্ৰশ্নৰ উদয় হয় ।
দুশ্চিন্তাৰে আৱৰা জীৱনটো
এটা চিগাৰেটৰ নিচিনা
জ্বলি-পুৰি শেষ হৈ
অৱশেষ খিনিয়ে হ’ল
বেকাৰত্ব জীৱন।