বেংগালুৰু পদপিষ্ট ঘটনা সন্দৰ্ভত উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰ্ণাটক চৰকাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ৪ জুনত বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামৰ বাহিৰত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ বিজয় উদযাপনৰ সময়ত ব্যাপক সংখ্যক অনুৰাগীৰ সমাৱেশৰ ফলত সৃষ্টি হোৱা হেঁচা ঠেলাৰ পৰিণতিত সংঘটিত হৈছিল পদপিষ্টৰ ঘটনা। এই পদপিষ্ট ঘটনাত ১১গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছিল। ইফালে এই ঘটনাৰ সময়তে ষ্টেডিয়ামৰ ভিতৰত আৰচিবিৰ খেলুৱৈসকলে আনন্দ উদযাপন কৰি থকাক লৈয়ো ব্যাপক বিতৰ্কৰ সৃষ্টি হৈছিল। এই পদপিষ্ট ঘটনা সন্দৰ্ভত কৰ্ণাটক চৰকাৰে উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছে । প্ৰাথমিকভাৱে চৰকাৰৰ দাবী আছিল যে এই প্রতিবেদন প্রকাশ কৰা নহ’ব। কিন্তু উচ্চ ন্যায়ালয়ে জনায় যে এই তদন্তৰ প্ৰতিবেদন গোপনে ৰখাৰ কোনো আইনী বৈধতা নাই। ন্যায়ালয়ে প্রতিবেদন জনসমাজৰ সন্মুখলৈ আনিছে। আৰচিবি মেনেজমেণ্টে দলটোৰ ইভেণ্ট মেনেজমেণ্ট পাৰ্টনাৰ ডি এন এ নেটৱৰ্কছ প্ৰাইভেট লিমিটেড আৰু কৰ্ণাটক ষ্টেট ক্ৰিকেট এছ’চিয়েশ্যনৰ সৈতে লগ হৈ এই বিজয় উদযাপন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু এইক্ষেত্ৰত আৰক্ষীৰ সৈতে পূৰ্বে আলোচনা কৰা হোৱা নাছিল আৰু এনে উদযাপনৰ বাবে প্ৰয়োজনীয় অনুমতি বা অনুজ্ঞাপত্ৰও লাভ কৰা নাছিল বুলি কৰ্ণাটক চৰকাৰে দাখিল কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে। অৰ্থাৎ কৰ্ণাটক চৰকাৰৰ এই প্ৰতিবেদনত আৰচিবিক এই দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণৰূপে দায়ী কৰা হৈছে।প্ৰকাশিত প্ৰতিবেদন মতে আৰচিবিয়ে এই বিজয় পেৰেডৰ মাত্ৰ এদিন পূৰ্বে অৰ্থাৎ ৩ জুনত অনুমতিৰ বাবে আবেদন জনাইছিল যদিও ২০০৯ চনৰ পৌৰসভাৰ অধ্যাদেশ অনুসৰি আনুষ্ঠানিক অনুমোদন লাভ কৰা হোৱা নাছিল । যাৰবাবে আৰক্ষীয়ে অনুষ্ঠানটো আয়োজন কৰাৰ অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল । ইয়াৰ পিছতো ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু ফ্ৰেঞ্চাইজিয়ে ৪ জুনত নিজৰ অফিচিয়েল এক্স একাউণ্টত আৰ চি বিৰ বিজয় উদযাপনৰ অনুষ্ঠানটোৰ ৰাজহুৱাভাৱে প্ৰচাৰ কৰে । এক ভিডিঅ’ পোষ্ট যোগে তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে অনুৰাগীৰ সৈতে খিতাপ জয়ৰ আনন্দ উদযাপনৰ কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল। আৰচিবিয়ে এই ভিডিঅ’টো খিতাপ জয়ৰ ঠিক পিছ নিশাই ড্ৰেছিং ৰুমত প্ৰস্তুত কৰা হৈছিল। এনে অৱস্থাত কোহলীকে ধৰি দলৰ বাকী খেলুৱৈসকলে স্বাভাৱিকতেই বাংগালুৰুত হ’বলগীয়া বিজয় উদযাপনৰ বিষয়ে জানিব পাৰিছিল বুলি অনুমান কৰিব পাৰি। ইয়াত বিৰাট কোহলীয়ে অনুৰাগীসকলক ভিডিঅ’ৰ জৰিয়তে এই অনুষ্ঠানলৈ বিনামূলীয়াকৈ আহিবলৈ আহ্বান জনায় । প্ৰথম অৱস্থাত বিজয়ৰ পেৰেড অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল । ৩ লাখতকৈ অধিক লোকৰ উপস্থিতিৰ বাবে অনুষ্ঠান আৰম্ভ হোৱাৰ কিছু সময়ৰ পূৰ্বে ট্ৰফী পেৰেড বাতিল কৰি ষ্টেডিয়ামত অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয় । এই পটভূমিত আয়োজকসকলে হঠাতে ঘোষণা কৰিলে যে অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে ষ্টেডিয়ামত প্ৰৱেশৰ বাবে পাছ বাধ্যতামূলক হ’ব । আৰ চি বি, ডি এন এ আৰু কে এছ চি এ (কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থা)ৰ মাজত সমন্বয়ৰ অভাৱ দেখা যায় । গেট খুলিবলৈ পলম হোৱা বাবে বিশৃংখলতাৰ সৃষ্টি হোৱাৰ ফলত হুলস্থুলৰ সৃষ্টি হয় আৰু আৰক্ষীৰ লোকো আহত হয় । পৰিস্থিতি অধিক অৱনতি নঘটিবলৈ আৰক্ষীয়ে সৰু আৰু সীমিত অনুষ্ঠানৰ অনুমতি দিছিল । ঘটনা সন্দৰ্ভত একাংশ আৰক্ষী বিষয়াৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হয় । ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়াৰ সচিবক নিলম্বন কৰাৰ লগতে একাংশ বিষয়াকো বদলি কৰা হয় । ইয়াৰ উপৰিও আহতসকলৰ ক্ষতিপূৰণৰ কথা ঘোষণা কৰা হয় ।