বেংগালুৰুৰ অধিনায়ক ৰজত পাটিদাৰৰ বিৰুদ্ধে ১২ লাখৰ জৰিমনা
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱাকালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে মুম্বাই ইণ্ডিয়ানছক ১২ ৰানত পৰাস্ত কৰে। ৬৪ ৰানৰ বিস্ফোৰক ইনিংছ খেলা অধিনায়ক ৰজত পাটিদাৰক মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নির্বাচিত কৰা হয়।এই জয়ৰ পাছতে অধিনায়ক পাটিদাৰ বিৰুদ্ধে বিচিচিআইয়ে ১২ লাখ টকাৰ জৰিমনা বিহিছে। মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে খেলখনৰ সময়ত তেওঁৰ দলটোৱে লেহেমীয়া অভাৰ ৰেট বজাই ৰখাৰ বাবে আৰচিবিৰ অধিনায়ক ৰজত পাটিদাৰক জৰিমনা বিহা হৈছে। আই পি এলৰ আচৰণ বিধিৰ ২.২ অনুচ্ছেদৰ অধীনত তেওঁৰ দলৰ এই ছিজনৰ প্ৰথমটো অপৰাধ আছিল, যিটো নূন্যতম অভাৰ ৰেট অপৰাধৰ সৈতে জড়িত।