বেংগালুৰুক ৬ উইকেটত পৰাস্ত দিল্লী কেপিটেলছৰ

বেংগালুৰুক ৬ উইকেটত পৰাস্ত দিল্লী কেপিটেলছৰ

ৰঙিলী বাৰ্ত্তাসেৱা- চলিত আইপিএলত জয়ৰ ধাৰা অব্যাহত দিল্লী কেপিটেলছৰ। বেংগালুৰুত অনুষ্ঠিত মেচখনত লোকেশ ৰাহুলৰ বিস্ফোৰক অপৰাজিত ৯৩ ৰানৰ সহায়ত দিল্লীয়ে ঘৰুৱা দল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক ৬ উইকেটত পৰাস্ত কৰে। প্রতিযোগিতাখনত ক্রমাগত চতুর্থটো বিজয় সাব্যস্ত কৰি দিল্লীয়ে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হৈছে। বিপৰীতে বেংগালুৰুৰ এয়া আছিল দ্বিতীয় পৰাজয়। দলটোৱে পাঁচখন মেচৰ তিনিখনত বিজয় সাব্যস্ত কৰিছে। আৰচিবিয়ে জয়ৰ বাবে বান্ধি দিয়া ১৬৪ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ৰাহুলৰ অপৰাজিত ৯৩ ৰানৰ সহায়ত দিল্লীয়ে ১৭.৫ অভাৰত চাৰিটা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। ৰাহুলে ৫৩ বলত সাতটা চাৰি আৰু ছয়টা ছয়েৰে ৯৩ ৰান কৰি অপৰাজিত হৈ থকাৰ বিপৰীতে ত্রিষ্টান ষ্টাবছে ৩৮ ৰান কৰি অপৰাজিত হৈ থাকে। অধিনায়ক অক্ষৰ পেটেলে ১৫ ৰান কৰি বিদায় লয়। দলীয় স্ক’ৰ ৫৮ ৰানতে চাৰিটা উইকেট হেৰুৱাই দলটো বিপদত পৰিছিল যদিও ৰাহুল আৰু ষ্টাবছে পঞ্চম উইকেটত অপৰাজিতভাৱে ১১১ ৰান কৰি দলৰ জয় নিশ্চিত কৰে। আৰচিবিৰ হৈ ভুবনেশ্বৰে সৰ্বাধিক দুটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি বেংগালুৰুৱে নিৰ্ধাৰিত ২০ অভাৰত সাতটা উইকেট হেৰুৱাই ১৬৩ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ফিল ছল্টে ১৭টা বলত ৩৭, টিম ডেভিদে অপৰাজিতভাৱে ৩৭, অধিনায়ক ৰজত পাটিদাৰে ২৫, বিৰাট কোহলিয়ে ২২ আৰু ক্রুনাল পাণ্ডিয়াই ১৮ ৰানৰ অৱদান আগবঢ়ায়। দেৱদূত পাড়িকাল (১), লিয়াম লিভিংষ্টন (৪) আৰু জিতেশ শর্মা (৩) সম্পূর্ণৰূপে ব্যর্থ হয়। দিল্লীৰ হৈ ভিপৰাজ নিগম আৰু কুলদীপ যাদৱ উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰাৰ লগতে মুকেশ কুমাৰ আৰু মোহিত শর্মাই এটাকৈ উইকেট লাভ কৰে।