বৃহস্পতিবাৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰত ভ্ৰমণলৈ আহি আছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন। ২৩সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক সন্মিলনত যোগদানৰ বাবে অহা ৪, ৫ ডিচেম্বৰত ভাৰতত থাকিব ৰাষ্ট্ৰপতি পুটিন। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে ৰুছ ৰাষ্ট্ৰপতিগৰাকীৰ বৈঠক অনুষ্ঠিত হ’ব আৰু এই বৈঠকত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা সহযোগিতাৰ বিষয়ে আলোচনা কৰা হ’ব।এই বৈঠকতে ভাৰতীয় বিমান বাহিনীক আৰু দুইৰ পৰা তিনিখন এছ-৪০০ সৰবৰাহৰ প্ৰস্তাৱ দিব পাৰে মস্কোৱে। ক্ৰেনিৰ তৰফৰ পৰা জনোৱা হৈছে ডিচেম্বৰ মাহৰ ৪ আৰু ৫ তাৰিখে ভাৰতলৈ আহিব ৰুছ ৰাষ্ট্ৰপতিগৰাকী। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্রণক্রমে দেশখনলৈ আহিব তেওঁ। এই সপ্তাহৰ আৰম্ভণিতেই ভাৰতৰ বিদেশ মন্ত্রালয়ে পুটিনৰ এই ভ্ৰমণৰ কথা নিশ্চিত কৰে। দিল্লী আৰু মস্কোৰ মাজত অনুষ্ঠিত হ’বলগীয়া বার্ষিক সম্মিলনত তেওঁ ভাগ ল’ব বুলি জানিব পৰা গৈছে। এই সময়ছোৱাতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকতো তেওঁ ভাগ লোৱাৰ কথা। ৰাছিয়াৰ প্রশাসনিক দপ্তৰ ক্রেমলিনৰ মুখপাত্র ডিমাট্রি পেছক’ভে নৱেম্বৰ মাহতে ৰুছ ৰাষ্ট্ৰপতি পুটিনৰ এই ভাৰত ভ্ৰমণৰ বিষয়ে সম্ভাৱনা প্রকাশ কৰিছিল।
