বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ সুৰক্ষা সমিতিৰ সংবাদমেল অসমৰ ভূমিৰ প্ৰায়ভাগ বহিৰাগত বণিয়াৰ হাতত

p.c. kaziranga national park

গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটী প্ৰেছ ক্লাবত আজি বৃহত্তৰ কাজিৰঙা ভূমি আৰু মানৱ অধিকাৰ সমিতিয়ে এখন সংবাদ মেল অনুষ্ঠিত কৰে।উক্ত সংবাদ মেলত তেওঁলোকে কয় যে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনে দীৰ্ঘদিনৰ পৰা
খিলঞ্জীয়া ৰাইজৰ ভূমি সুৰক্ষা কৰি ভুমিহীন ৰাইজক পট্টা দিয়াৰ কথা কৈ আহিছে। কিন্তু বাস্তৱত সম্পূৰ্ণ তাৰ বিপৰীত কাৰ্য্য কৰি আছে। অসমৰ বিভিন্ন ঠাইত খিলঞ্জীয়া লোকৰ ভূমি উচ্ছেদ কৰি, মন্ত্ৰী বিধায়ক, বণিয়া গোষ্ঠীক এই ভূমি গটাই দিছে। এতিয়া অসমৰ ভূমি প্ৰায় ভাগ বহিৰাগত বণিয়াৰ, বৃহৎ পুঁজিপতি সকলৰ হাতত। কাজিৰঙা, শিলসাঁকো, ডলু চাহ বাগিচা, মিকিৰ বামুণী, ছানডুবি আদি অসমৰ বিভিন্ন ঠাইৰ খিলঞ্জীয়া লোকে নিজৰ ভূমি হেৰুৱাইছে। কাজিৰঙা ভূমিত ইতিমধ্যে ৰিণিকি ভূঞা শৰ্মাৰ চাহ বাগিচা, মন্ত্ৰী কেশৱ মহন্তৰ ৰিজৰ্টকে ধৰি বহু বণিয়াৰ কবলত পৰি প্ৰকৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে বুলিও তেওঁলোকে মন্তব্য কৰে। কৃষকৰ সকলো আইনক অৱজ্ঞা কৰি তথা উচ্চতম ন্যায়ালয়ৰ বৃহৎ প্ৰকল্পৰ ১০ কি:মি: বিধিও উলঙ্ঘন কৰিছে এই চৰকাৰে। তেওঁলোকৰ বৰ্তমান স্পষ্ট তিনিটা দাবী- ইংলে পথাৰ ৰাইজৰ কৃষিভূমি অধিগ্ৰহণৰ গ্ৰাসৰ পৰা মুক্ত কৰা, কাজিৰঙাৰ পাৰিপাৰ্শ্বিক সংৰক্ষণৰ বাবে এনে বৃহৎ হোটেল নিৰ্মাণ বন্ধ কৰা,শিলসাঁকো, ছানডুবি, ডলু চাহ বাগানকে ধৰি অসমৰ সকলো অঞ্চলৰ ৰাইজৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰা। তাৰোপৰি ওপৰোক্ত দাবী সমূহক লৈ অহা ১২ আগষ্টত কাজিৰঙা, বোকাখাটত এখনি সমাৱেশ পতাৰ সিদ্ধান্ত লোৱা হৈছে বুলি জানিবলৈ দিয়ে। আজিৰ সংবাদ মেলত সুৰক্ষা সমিতিৰ আহ্বায়ক প্ৰণৱ দলে, কাজিৰঙাৰ উচ্ছেদিতৰ হৈ মিনালী গোৱালা, জলেশ্বৰি পানিকা,কৃষক সভাৰ ৰাজ্যিক সম্পাদক জয়ন্ত গগৈ, আইচাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ,
ভাস্কৰ শইকীয়া, ৰাজীৱ পেগু,শিলসাঁকো পাৰৰ উচ্ছেদিত ৰাইজৰ প্ৰতিনিধি গায়ত্ৰী বৰিকে আদি কৰি কেবাজনো লোক উপস্থিত থাকে৷