বৃন্দাৱতী দাস হাইস্কুল মণিয়েৰী তিনিআলিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক ওপজা দিন উদযাপন

বৃন্দাৱতী দাস হাইস্কুল মণিয়েৰী তিনিআলিত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক ওপজা দিন উদযাপন

গ্ৰন্থ উন্মোচন

মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা-  পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৃন্দাবতী দাস হাইস্কুল মণিয়েৰী তিনিআলিত ইলোৰা বিজ্ঞান মঞ্চৰ উদ্যোগত যোৱা ১০ ডিচেম্বৰত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনটো কুসংস্কাৰ আৰু অন্ধবিশ্বাস বিৰোধী দিৱস হিচাপে পালন কৰা হয়। এই উপলক্ষে ইলোৰা মঞ্চৰ দক্ষিণ কামৰূপ মিৰ্জা শাখাৰ সভাপতি কৃষ্ণকান্ত দাসৰ পৌৰাহিত্যত এখনি সভা অনুষ্ঠিত কৰা হয়। এই সভাখনি মুকলি কৰি মঞ্চৰ সম্পাদক ভূপেন কুমাৰ গোস্বামীয়ে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি যোৱা হেমচন্দ্ৰ বৰুৱাৰ আপোচবিহীন বিচাৰ ধাৰা আৰু অসমীয়া ভাষাৰ সংকট মোচন আৰু সামাজিক সংস্কাৰৰ ক্ষেত্ৰত তেওঁ দিয়া প্ৰভূত অৱদানৰ বিষয়ে শ্ৰদ্ধাৰে ষ্মৰণ কৰে। তদুপৰি মহীয়সী নাৰী ইলোৰা ৰায়চৌধুৰীয়ে পোন প্ৰথমে চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ দেহদান দিয়া কাৰ্যক অতুলনীয় বুলি আখ্যা দি তেওঁৰ পদাংকতে ইলোৰা বিজ্ঞান মঞ্চই ২০০৪ চনৰ পৰা দেহ দান,নেত্ৰ দান,ৰক্ত দান আদি মানৱ কল্যাণ মূলক কাৰ্যসূচী ৰূপায়ণ কৰি অহাৰ কথা কয়। এই সভাত আলোচক হিচাপে শিক্ষাবিদ মায়াৰাম দাসে কয় হেমচন্দ্ৰ বৰুৱাই যেনেকৈ কাণি বৰবিহৰ বিৰুদ্ধে যুঁজিছিল, তেনেকৈ মদ, ভাং, ড্ৰাগছৰ বিৰুদ্ধে সজাগতা গঢ়ি তুলিব লাগে বুলি কৈ সকলোকে, বিশেষকৈ ছাত্ৰ সমাজক এই ৰাগীয়াল বস্তুবোৰ সমূলি বৰ্জন কৰিবলৈ আহ্বান জনায়। এই দিনটোতে, এদিন অসম আন্দোলনত খৰ্গেশ্বৰ তালুকদাৰ শ্বহীদ হোৱাৰ কথা তেওঁ উনুকিয়াই দিয়ে। এই দিৱসৰ লগত সংগতি ৰাখি এখনি গ্ৰন্থ উন্মোচনী সভাও অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ আঁত ধৰে জিজ্ঞাসা প্ৰকাশন গোষ্ঠীৰ কাৰ্যকৰ্তা নাট্যকাৰ জীৱন চন্দ্ৰ ভূঞাই। এই গোষ্ঠীৰ কেইগৰাকীমান হেমচন্দ্ৰ বৰুৱাৰ অনুগামীয়ে অক্লান্ত শ্ৰম কৰি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জীৱন‌ ভিত্তিক প্ৰৱন্ধ সংকলন খনি উন্মোচন কৰা হয়। এই সভাতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অসমীয়া ভাষালৈ অহা ধ্ৰুপদী ভাষাৰ স্বীকৃতিয়ে আমাৰ জাতীয় জীৱনলৈ যি সন্মান আৰু স্থায়িত্বৰ আশ্বাস কঢ়িয়াই আনিছে সেই অসমীয়া ভাষাৰ একালত বঙালী ভাষাৰ আগ্ৰাসনৰ সংকট ওফৰাই ইয়াক আজিৰ এই সন্মানজনক অৱস্থালৈ উত্তৰণ ঘটোৱা মানুহজনেই হেমচন্দ্ৰ বৰুৱা বুলি উল্লেখ কৰে। সেয়েহে কিছু‌ সংখ্যক অনুষ্ঠানে তেওঁৰ জন্ম দিনটোক অসমীয়া ভাষা সুৰক্ষা দিৱস হিচাপে পালন কৰি আহিছে বুলি উল্লেখ কৰে। কবি মমত মজুমদাৰে এই স্কুলখনৰ পুথিভঁৰাললৈ উন্মোচিত গ্ৰন্থ কেইখনমান আগবঢ়ায়। তেওঁ ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰন্থ পঢ়ি হেমচন্দ্ৰ বৰুৱাৰ আদৰ্শৰে আগবাঢ়ি যাবলৈ উপদেশ দিয়ে। সমজুৱাৰ ভাষণত বাসুদেৱ শৰ্মাই হেমচন্দ্ৰ বৰুৱাৰ যুক্তিবাদী আৰু নাৰীবাদী চিন্তাধাৰাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানতে পদ্মেশ্বৰ ৰাজবংশীৰ কবিতা পাঠৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা আধুনিক গীত পৰিবশন কৰে এলিভা দাস আৰু নৱদীপ চৌধুৰীয়ে। চমু ভাষণ আগবঢ়ায় হিৰকজ্যোতি দাসে। এই সভাৰ আয়োজক বিদ্যালয়খনৰ প্ৰধান শিক্ষক পবিত্ৰ দাসে শলাগৰ শৰাই আগবঢ়োৱাৰ পিছত ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে সভাৰ সামৰণি মাৰে।