বৃদ্ধ্যাশ্ৰম – মিতালি বৰঠাকুৰ

বৃদ্ধ্যাশ্ৰম

মিতালি বৰঠাকুৰ ,মালিগাওঁ 

মা ,তই আজি ওলাচোন ,
কলৈ অ ‘মইনা  ,
তোক আজি এঠাইলৈ লৈ যাম ।
মুখত প্ৰশান্তিৰ হাঁহিৰ  ঢৌ খেলি
মাতৃৰ  শেঁতা পৰা দুচকুত সুখৰ জেউতি চৰিল।

গন্তব্যস্থান , এখন  আশ্ৰয়স্থলী  ,
মইনাই মাকক এখন বিচনত বহুৱাই দিলে
আৰু ক’লে ,
মা, আজিৰ পৰা তই ইয়াতে থাকিবি  ,
চাচোন , তোৰ দৰে কিমান মানুহ আছে ,
তই অকনো কষ্ট নাপাৱ
মাজে মাজে  মই আহি থাকিম।

মাতৃৰ চকু জুৰি পলকতে সেমেকি উঠিল
চকুৰ পানী বোৰ চাদৰৰ আচলেৰে মচি
থোকা থুকি মাতেৰে ক’লে , শুন চোন  মইনা ,
তোৰ বাৰু মনত আছে নে !
সৰু থাকোঁতে তই মোৰ আঙুলিত ধৰি
এখোজ দুখোজকৈ খোজ দিছিলি ,
পৰি যাৱ বুলি মোৰ হাতটো তই এৰিবই নুখুজিছিলি।
আৰু এতিয়া – –
মই তোৰ আঙুলিত ধৰি খোজ কাঢ়িব বিচাৰিছিলো !
হ’ব বাৰু যা ,  মইনা ,
আৰু আহিব নালাগে ,
মোৰ বাবে তই বহুত কষ্ট কৰিলি ,
মাত্ৰ পাৰিলে আৰু এটা কাম কৰিবি মোৰ বাবে
মোৰ মৃত্যু হ’লে ,  মোৰ মৃত শৰীৰটো
দেউতাৰৰ ওচৰতে চিতাৰ জুইত জ্বলাই দিবি।
অন্ততঃ মৰিলেও  দেউতাৰৰ ওচৰতে
আত্মাই শান্তি  পাব।

মইনা যোৱাৰ পৰত ,
মাতৃৰ হৃদয় খনে হুকহুকাই কান্দিবলৈ ধৰিলে ,
আজি মই  , তোৰ বাবে অনাদৃতা হ’লো
বাৰ্ধ্যক্যই  মোক তোৰ পৰা  কাঢ়ি আনিলে
এতিয়া মোৰ আশ্ৰয় থলী এখন বৃদ্ধাশ্ৰম।
জীৱনৰ শেষ ৰাগ টানি
আপোন জনৰ লগতে পৰ হ’লো
বাট চাই আছো  এতিয়া অন্তিম যাত্ৰালৈ
পাৰ্থিৱ শৰীৰ এৰি পঞ্চভূতত বিলীন হ’বলৈ।