বৃদ্ধি পাব ৰে’লৰ ভাড়া

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰে’লৰ টিকটৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে’লৱেই। ১ জুলাই, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব এই নতুন মূল্য। তথ্য অনুসৰি নন-এচি মেইল ​​আৰু এক্সপ্ৰেছ ৰে’লৰ ভাড়া এতিয়া প্ৰতি কিলোমিটাৰত ১ পইচা বৃদ্ধি হ’ব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব প্ৰতি কিলোমিটাৰত ২ পইচা। এই বৃদ্ধি সামান্য যেন লাগিব পাৰে, কিন্তু ইয়াৰ সামান্য প্ৰভাৱ পৰিব পাৰে বহু দূৰ যাত্ৰা কৰা যাত্ৰীৰ পকেটত। উদাহৰণস্বৰূপে, যদি কোনো যাত্ৰী মুম্বাইৰ পৰা দিল্লীলৈ (১৪০০ কিলোমিটাৰ) নন-এচি ৰে’লযোগে যাত্ৰা কৰে তেন্তে তেওঁ ১৪ টকা বেছি দিব লাগিব, আনহাতে এচি ক্লাছত এই বৃদ্ধি হ’ব ২৮ টকা। অৰ্থাত বৰ্ধিত মূল্য দীৰ্ঘ দূৰত্ব আৰু এচি ৰেলৰ বাবে হ’ব। অৱশ্যে স্থানীয় ৰে’লৰ ভাড়া বৃদ্ধি নহয় বুলি জানিব পৰা গৈছে। একে সময়তে মাহিলী ছিজন টিকট (এম এছ টি) কেৱল পুৰণি ৰেটত উপলব্ধ হ’ব। এনে পৰিস্থিতিত কিছুমান শ্ৰেণীয়ে সকাহ পাব। ৰে’লৱেৰ নতুন শুল্কত সাধাৰণ দ্বিতীয় শ্ৰেণীত ৫০০ কিলোমিটাৰ পৰ্যন্ত যাত্ৰাৰ ভাড়া বৃদ্ধি হোৱা নাই। কিন্তু যদি যাত্ৰা ৫০০ কিলোমিটাৰতকৈ অধিক হয়, তেন্তে প্ৰতি কিলোমিটাৰত আধা পইচা অতিৰিক্ত ধন দিব লাগিব। উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ ভাৰতীয় ৰে’লৱেই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে, ২০২৫ চনৰ ১ জুলাইৰ পৰা টাটকাল ৰে’লৰ টিকট বুকিঙৰ বাবে আধাৰ প্ৰমাণীকৰণ বাধ্যতামূলক হ’ব। সূত্ৰ অনুসৰি ৰে’লৱে যাত্ৰীসকলৰ ওপৰত নূন্যতম প্ৰভাৱ পেলাই সেৱাৰ উন্নতিৰ লক্ষ্যৰে এই পৰিৱৰ্তন কৰিছে ভাৰতীয় ৰে’লৱেয়ে। কিছুদিন পূৰ্বে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কৈছিল যে,ভাৰতীয় ৰে’লসমূহত প্ৰদান কৰা সুবিধাসমূহৰ ওপৰত ভিত্তি কৰি বিভিন্ন ৰে’ল/শ্ৰেণীৰ ভাড়া নিৰ্ধাৰণ কৰা হয়। ভাৰতীয় ৰে’লৱেই বিভিন্ন ধৰণৰ যাত্ৰী বিভাগৰ বাবে বিভিন্ন ধৰণৰ ৰে’ল চলায়। বন্দে ভাৰত ৰে’লকে ধৰি যাত্ৰী ভাড়াৰ মূল্যায়ন আৰু যুক্তিসংগতকৰণ এক নিৰন্তৰ আৰু চলি থকা প্ৰক্ৰিয়া বুলি মন্তব্য কৰিছিল ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে।