বৃদ্ধাশ্ৰম – ৰাতুল চেতিয়া ফুকন

বৃদ্ধাশ্ৰম

ৰাতুল চেতিয়া ফুকন,
সোণাৰি

কত দুখ কষ্ট ত্যাগৰ
জীয়া বুৰঞ্জীৰ সমাবেশ,
চকুলোৰে মুচিথৈ
সম্ভ্ৰান্ত ঠিকনা
আবেলিৰ বেলি
পৃথিৱীৰ মোহত বন্দী ।
বৰ্তমানৰ সুখ আৰু
উভতি নোচোৱাৰ দুখ ,
বিচিত্ৰ পৃথিৱী ।
মই কওঁ বুকুত মন্দিৰ বনোৱা
বৃদ্ধাশ্ৰম নাপাতিবা কেতিয়াও।