বৃদ্ধাশ্ৰম – সবিতা বেগম

PC - Vecteezy
বৃদ্ধাশ্ৰম
সবিতা বেগম, বৰপেটা
ৰাজিব ৰুমৰ পৰা মাতি ক’লে — “মা , আজি অফিচ বন্ধ , তোমাক লৈ বাহিৰত অলপ ফুৰিবলৈ যাম, তুমি সোনকালে গা পা ধুই সাজু হোৱা।” পুতেকৰ এনেকুৱা কথা শুনি মাক নথৈ আনন্দিত। দুয়ো ৰেষ্টোৰেন্ট এটাত বহি চাহ পানী খাই উঠি বহু দূৰত ধুনীয়া পাচ মহলীয়া ঘৰ এখনৰ সন্মুখত সুন্দৰ ঠাই এখনিত বহাই থৈ ৰাজিবে মাকক ক’লে —“তুমি অলপ সময় বহা মোৰ অফিচৰ পৰা বচে বাৰে বাৰে ফোন কৰি আছে। দৰকাৰী কথা এটাৰ বাবে লগ ধৰিব লাগে।”  মায়ে ক’লে–“ঠিক আছে বাবা , তুমি সোনকালে আহিবা। ” …. ঘন্টাৰ পিছত ঘন্টা পাৰ হৈ যায় ৰাজিবৰ কোনো খবৰ নাই। পুত্ৰৰ অপেক্ষাত আশাৰ আঁচল মেলি চাই আছে মা। … দূৰৈৰ পৰা চাই আছিল বৃদ্ধ পুৰুষ এজনে , তেওঁ আহি ক’লে —“আহক, আহক ভিতৰত সোমাই আহক , অপেক্ষা কৰি লাভ নাই , জানো কোনেও নাহে। ইয়াত প্ৰতিদিনেই নতুন নতুন মানুহে আহি দিক হেৰুৱাই , অসহায় হয় আৰু অপেক্ষাত থাকি পাৰ কৰে বাকী জীৱন।” কথাষাৰ শুনি চকুৰ লোতকেৰে বাট নেদেখা হৈ গ’ল যদিও মাক ৰৈ থাকিল পুত্ৰ অপেক্ষাত …….!!! সৰু চাকৰি এটা কৰি ল’ৰা ৰাজিব, ছোৱালী মনি ৰাজিবৰ সৰু ভন্টি… মনিক প্ৰাইভেট স্কুল এটাত পঢ়ালে। নানা দুখ-কষ্টৰ মাজতো আশাৰ মিঠা সপোন। ৰাজিবৰ বাহিৰত পঢ়িবলৈ গ’ল , এবছৰ বাহিৰত পঢ়িলেই কেইদিনমান পিচতেই চাকৰি হ’ব বুলি ৰাজিব ক’লে। বহুত আশা আৰু শ্ৰমৰ মাজত পাৰ হৈ আছে দিন।… হঠাৎ গাড়ী দুৰ্ঘটনাৰ বাবে ৰাজিবৰ দেউতাকৰ হেৰুৱাব নগা হ’ল এখন ভৰি। পংগু হৈ গ’ল চিৰন্তৰে , কিছু দিন পিছত অলপ সুস্থ হ’ল যদিও লাঠি লৈ অলপ অলপ খোজকাঢ়িব পাৰে। সৃষ্টি হ’ল নানা সমস্যাৰ ।মনি তেতিয়ালৈকে গাভৰু হৈ উঠিল , মাক-দেউতাকৰ চিন্তা আৰু দুগুণ বৃদ্ধি পাবলৈ ধৰিলে। কোম্পানীত চাকৰি কৰা ঘৰৰপৰা মনিৰ বাবে ভাল সম্পৰ্ক এটা আহিল। ব্যস্ততাৰ তাগিদাত ৰাজিব ঘৰত আহিব নোৱাৰিলে । আগমন হ’ল কাল শনিৰ ….। বিয়াৰ দিনা ৰাতি ঢুকাই থাকিল দৰা। কলংকিনী উপাধি পালে মনিয়ে। সমাজত নানা অপবাদ, অৱহেলিত হ’ল মনি।…. বহুত কষ্ট কৰি , প্ৰাইভেট স্কুল এটাত কাম কৰি কোনো মতে ঘৰ চলায় মনি,, ইফালে টকা দিব লগা হয় দাদা ৰাজিবক।প্ৰায় দুই বছৰ পিছত বিদেশী আভিজাত্য পৰিয়ালৰ ছোৱালী এটাক বিয়া পাতি লৈ আহিল ৰাজিব। কেইদিনমান ভালেই চলিল ঘৰখন। ৰাজিব কোম্পানী এটাত চাকৰি পালে।  কেতিয়াবা কাম-কাজ আৰু বজাৰ কৰাক লৈ ভিন্ন কথা কয় ৰাজিবৰ ঘৈনীয়েক নীলাই। এদিন কাজিয়া লগাই দিলে মনিৰ লগত। সৃষ্টি হ’ল অশান্তিৰ , মিছা অভিযোগ দিলে দাদা ৰাজিবৰ ওচৰত। দাদায়েকেও গালি পৰাত কষ্ট সহিব নোৱাৰি মনিক গৃহ ত্যাগ কৰিবলৈ বাধ্য হ’ল। মনিৰ স্কুলত একে লগে কাম কৰা ছাৰ এজনৰ এবছৰ আগতে ঘৈনীয়েক মৃত্যুত সৰু ছোৱালী এজনীক লৈ বহুত কষ্ট হৈ আছিল সেয়ে মনিক বিয়াৰ প্ৰস্তাব দিছিল যদিও তেতিয়া মনি মানি লোৱা নাছিল ঘৰখনৰ দায়িত্বৰ বাবে… এতিয়া সময়ৰ সিদ্ধান্তত মনি নিজে গৈ তাক বিয়াৰ প্ৰস্তাব দি বিয়া কৰালে। …. মনি ঘৰৰপৰা পলাই যোৱাৰ বাবে মাক-দেউতাকৰ শুনিব লগা হ’ল বহুত অপবাদ।সকলো দুখ কষ্ট আ‍ঁতৰাই ঘৰখন আলোকিত কৰি , ৰাজিব আৰু নীলাৰ কোলাত আহিল সুন্দৰ ৰাজকুমাৰ , নাম – ‘ৰোহিত’ । …. চাওঁতে চাওঁতে পাঁচ বছৰ পাৰ হৈ গ’ল। ৰোহিত কথা ক’ব পাৰে। খেলিব পাৰে। কিন্তু ককা -আইতাৰ ওচৰত আহিব নিদিয়ে। বেয়া হৈ যাব বুলি। নানা ধৰণৰ কষ্টকৰ কথা কৈ থাকে। আইতাকৰ গাটো সিমান ভাল নহয় সেয়েহে ৰোহিতক চাব বিচাৰিছিল আইতাই কিন্তু আহিব নিদিলে , সেয়েহে ৰাজিব অফিচৰ পৰা অহাৰ পিছত দেউতায় কলে –” বাবা ৰাজিব তোৰ মাকৰ গাটো সিমান ভাল নহয় ৰোহিতক অলপ চাব বিচাৰে।” লগে লগে নীলা চিঞৰি উঠিল –“যাব নিদিওঁ সিহঁতৰ শৰীৰ অসুস্থ,,ৰোহিত অসুস্থ হৈ যাব। “….নানা কথা কৈ কাজিয়া লগাই নীলা কৈ উঠিল — “মই যদি ইমানেই বেয়া , ঘৰৰপৰা উলাই নাযায় কিয় “??? ….মৌন হৈ উচুপি উচুপি কান্দি উঠিল মাক-দেউতাক । ৰাতি গভীৰ হোৱাত দুয়ো পলাই গ’ল নীৰৱে , ছোৱালী মনিৰ ঘৰত। কেইদিনমান ভালেই গ’ল , এদিন মাংস দি ভাত খাব লোৱাত মনিৰ শাহুমায়ে কৈ উঠিল–“মৰিবলৈ আৰু ঠাই নাপালে–মোৰ ল’ৰাৰ মূৰত আহি উঠিছে , খৰচ বঢ়াবলৈ ….।” কথাষাৰ শুনি লগে লগে ওলাই আহিল ঘৰৰপৰা আৰু যেন অপৰাধীৰ দৰে সোমাই আহিল নিজা ঘৰত , দেখা পাই নীলা কৈ উঠিল — “জানো জানো মৰিবলৈ ক’তো ঠাই নাই… ” হাঁহিৰ পাত্ৰ হৈ পৰিল দুয়ো। উপায়হীন হৈ বৃদ্ধ দেউতাক ৰে’ল ষ্টেচন গৈ ৰে’লৰ তলত পৰি মৰি থাকিল।  শেষত নীলাৰ বিভিন্ন মিছা অভিযোগত মাকক পেলায় থৈ আহিব লগা হ’ল ৰাজিব। কিন্তু অলপো শান্তি পোৱা নাই … মনত পৰি আছে শৈশৱৰ মধুৰ স্মৃতি ….  কিন্তু আজি নীলাৰ বহুত আনন্দ। নীলাৰ আনন্দ দেখি ৰোহিত কৈ উঠিল — ” মা তুমিয়ো টোপোলা বান্ধি থোৱা তোমাৰো আইতাৰ ওচৰত যাব লগা সময় হ’লেই প্ৰায় ….।” ৰাজিব ঘূৰি আহি মাকক বৃদ্ধাশ্ৰমত  বহুত বিচাৰিলে যদিও কোনেও কোনো খবৰ দিব নোৱাৰিলে…।