বৃদ্ধাশ্ৰম – এছ ইছলাম

বৃদ্ধাশ্ৰম
(বৃদ্ধাশ্ৰমত থকা এজন বৃদ্ধাৰ হৃদয় বিদাৰক ক্ৰন্দন)
এছ ইছলাম, শিক্ষক 
পশ্চিম মইনবৰী, বৰপেটা 
ভগা জুপুৰীয়ে মোৰ আপোন
গাৰ ঘাম মাটিকৰি সাজিছোঁ এই জুপুৰী
ইয়াতেই কটাইছোঁ জীৱন-যৌৱন
বৃদ্ধাশ্ৰমলৈ কিয় যাব লগা হ’ল?
ল’ৰাহঁত কিয় ইমান ডাঙৰ মানুহ হ’ল
মোৰ খা-খবৰ লোৱা মানুহ নৰ’ল
মোৰ নাতি-নাতিনী ,মোৰ প্ৰাণ প্ৰেয়সী
ক’লৈ গ’ল জীৱৰী-বোৱৰী???
বহুদিন হ’ল বোপাটিৰ মুখনি দেখা নাই
প্ৰাণ প্ৰিয়া মোক এৰি ক’লৈ গ’লি
মোক লগত লৈ কিয় নগ’লি?
য’লৈ চাওঁ কাকো চিনি নেপাওঁ
মৰমৰ মাত এষাৰি , চিনাকি সুৰ এটি
ক’তো শুনিবলৈ নাপাওঁ।
হে ভগৱান , মোৰ কপালত কি লিখিলি
বৃদ্ধা বয়সত বৃদ্ধাশ্ৰমত থ’লি
কি ভুল কৰিলোঁ !
ল’ৰাহঁতক  উচ্চ চাকৰিয়াল কৰিলোঁ
মানুহ হিচাপে গঢ়িব নোৱাৰিলোঁ।
ভগা জুপুৰীয়ে মোৰ আপোন
তাতে মোক  কিয় থাকিব নিদিলি?
সৰুতে তোক কান্ধত তুলি লৈছিলোঁ মই
সেই বুলি তোক কান্ধত ল’ব কোৱা নাই।
মোৰ ভগা জুপুৰীয়ে আপোন
তাতে নহ’বনে মোৰ থকা ঠাই?