চুটি গল্পৰ নাম-
বৃদ্ধাশ্ৰম
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
পিতৃ/মাতৃয়ে নিজৰ সন্তানৰ কাৰণে সকলো ত্যাগ কৰিবলৈ কুণ্ঠাবোধ নকৰে ,কিন্তু বৃদ্ধ বয়সত যেতিয়া সেই সন্তানে পিতৃ/মাতৃক আলাই আথানি কৰে ,তাৰ ভাষা বিচাৰি পোৱা নাযায়।
ইঞ্জিনীয়াৰ উদাৰমনা, সৰলচিতিয়া” তন্ময় বৰুৱাক” গাঁওৰ সকলোৱে সন্মান কৰে ।বৰুৱাই গাঁওৰ মানুহকো যি খিনি পাৰে সহায়ো কৰে ।বৰুৱাৰ পত্নীয়ো তেওঁৰ দৰেই সহজ- সৰল ,সন্তানক তদাৰক কৰা আৰু ঘৰখনৰ কামতে ব্যস্ত থাকে । তেওঁলোকৰ তিনিটা ল’ৰা আৰু এজনী ছোৱালী খুব মৰম লগা ।
বৰুৱা আৰু বৰুৱানী চাৰিটা সন্তানক সমান মনোভাৱ ৰাখি ডাঙৰ দীঘল কৰিছে। সিহঁতৰ মতেই পঢ়াশুনা কৰিব দিছে।সিহঁতেও নিজৰ মতে পঢ়াশুনা কৰে তেনেকৈ সময়বোৰ গৈ থাকিল ।ল’ৰা তিনিটা উচ্চ শিক্ষাৰ বাবে চহৰত পঢ়িব গ’ল ।ছোৱালী জনী গাঁওৰ স্থানীয় কলেজত পঢ়িলে। বৰুৱাই নিজৰ ঘৰুৱা আৰু চৰকাৰী দুয়োটা দায়িত্ব সুচাৰুৰূপে পালন কৰি গৈ থাকিল।
যথা সময়ত ল’ৰা /ছোৱালী কেইটাই শিক্ষা জীৱন সামৰি বৃত্তিগত কামত নিয়োজিত হ’ল। সন্তান কেইটা উপযুক্ত হোৱাত প্ৰথমে ছোৱালী জনীক বিয়া দিলে ,তাৰ পিছত ল’ৰা তিনিটালৈ চহৰৰ পৰা সম্ভ্ৰান্ত ঘৰৰ বোৱাৰী আনিলে সিহঁতে পচন্দ কৰি থোৱা ।বৰুৱাৰ গাঁওৰ ছোৱালী বোৱাৰী কৰি আনিবলৈ মন আছিল কিন্তু সন্তানৰ সুখী হোৱাটোহে বৰুৱাই কামনা কৰিছিল । সন্তানৰ মতেই সকলো কৰি দিছিল।
এনেকৈয়ে এদিন বৰুৱাৰ অৱসৰ দিন আহিল , চাকৰিৰ পৰা অৱসৰ ল’লে । জীৱনৰ দায়িত্ব বোৰ কৰি গ’ল গাঁওৰ সমাজখনে মুখিয়ালৰ দায়িত্ব দিলে ।গাঁৱৰ সকলোৱে জোৰ দি ধৰাত তেওঁ না কৰিব নোৱাৰিলে।তেওঁ ব্যস্ত হৈ থাকি ভালেই পালে।
বয়স বঢ়াৰ লগে লগে শৰীৰত ব্লাড পেছাৰ ,চুগাৰ আদিয়ে দেখা দিলে ,তথাপিও নিজৰ যিখিনি পাৰে কাম কৰি যায় ।কিন্তু ল’ৰা কেইটাই চহৰৰ পৰা অনা বোৱাৰী কেইজনীয়ে ঘৰখনত অশান্তি কৰিব ধৰিলে।
অত্যাধুনীক একক পৰিয়ালৰ বোৱাৰী কেইজনীয়ে, সিহঁতৰ হাই প্ৰফাইল পিতৃ -মাতৃক গুণানু কীৰ্তন ,শাহুৱেকক ঠাট্ট মস্কৰা , পুতেক হতেও নিশা পাৰ্টি কৰি আহি দুয়ো পিতৃ মাতৃক গালি -গালাজ।ছোৱালীজনীৰো মাক-দেউতাকৰ প্ৰতি উদাসীনতা ,এশ -এবুৰী কথাই তেওঁলোকৰ মনত আঘাত দি আছিল ।এদিন ডাঙৰ পুতেকৰ ব্যৱহাৰত তেওঁলোকৰ মনত গভীৰ শোকে ৰেখা পাত কৰিলে।
শেষত তেওঁলোক দুয়োজনে সিদ্ধান্ত ললে আৰু নিজৰ লাগতিয়াল কাপোৰ খিনি , পেঞ্চনৰ বহীটো লগত লৈ এজনে আনজনৰ হাতত ধৰি ঘৰৰ পৰা ওলাই আহিল গাঁওৰ আনটো মূৰত আগতে বনাই থোৱা পূৰ্ণকূটীৰ আশ্ৰমখনলৈ । দুবছৰমানৰ আগতে তেখেতে স্থাপন কৰিছিল ।আজি তাতেই তেখেতসকলৰ লখত দুয়োজন সুখ-দুখৰ মাজেৰে জীৱন অতিবাহিত কৰিব ধৰিলে ।
