” বৃথা সপোন “
বিবাহ এক বান্ধোন। আমি সকলোৱে জানোঁ। এই বিবাহ শব্দটো মাত্ৰ তিনিটা শব্দৰে গঠিত। ইয়াতে লুকাই আছে তিতা মিঠা সকলো অভিজ্ঞতা।আজি কালি হৈ থকা সমাজত চিৰাচৰিত ঘটনা এটা আপোনালোকৰ আগত জনাবলৈ লৈছোঁ । পৰী এজনী বৰ মৰম লগা ছোৱালী। তাই পঢ়া শুনাত চোকা ছোৱালী। তাই MA কৰি জুনিয়ৰ কলেজ এখনতে চাকৰি কৰি আছে। তাইক কলেজত সকলোৱে ভাল পায়। কাৰন তাই স্বভাৱ চৰিত্ৰৰ ফালৰ পৰাও খুব ভাল ছোৱালী। লাহে লাহে তাইৰ বিয়াৰ সময় আহি পৰিছে । পৰিয়াল তথা মাক দেউতাকে ঘৰত ল’ৰা চোৱাৰ যো- যা কৰিছে। তাইৰ ও টো এটা মন আছে।গতিকে মাক দেউতাকে তাইক শুধিলে ল’ৰা ঠিক কৰি ঠৈছা নেকি? তাই কলে মই ল’ৰা ঠিক কৰি থোৱা নাই। তোমালোকে মোৰ বেয়া চিন্তা নকৰা। গতিকে তোমালোকৰ পছন্দই মোৰ পছন্দ। কেমাহ মানৰ পিছত পৰীক ল’ৰা এজনে চাবলৈ আহিল। ল’ৰা গুৱাহাটীৰ। কোম্পানীত চাকৰি কৰে। পৰিয়ালটোত মাক , দেউতাক, দাদাক আৰু বৌয়েক। ল’ৰা ছোৱালীয়ে কথা বতৰা পাতি ইটোৱে সিটোক পছন্দ কৰিলে। পৰীৰ মাক দেউতাক ও গ’ল ল’ৰাৰ ঘৰলৈ। কথা বতৰা পাতি বিয়াৰ দিন বাৰ তাৰিখ ঠিক কৰিলে। এইখিনিতে এটা কথা কওঁ , প্ৰত্যেক ছোৱালীয়ে বিয়াৰ আগতে সপোন দেখে। পৰীয়েও সপোন দেখিছিল। মোৰ নতুন এখন ঘৰ হ’ব। মোৰ মানুহজনে মোক খুব মৰম কৰিব । ফুৰিবলৈ যাম বাহিৰলৈ ( অসমৰ বাহিৰত) । আৰু যে ক’ত কি সপোন…. তাৰিখ মতে একেদিনাই জোৰোণ আৰু বিয়া। জোৰোণত ও মানুহ যঠেষ্ট হৈছে। অভ্যৰ্থনা বৰ সুন্দৰকৈ হৈছে। ৰাতিলৈ বিয়াত ও দৰাৰ লগত মানুহ আহিছে যঠেষ্ট। মুঠতে বৰ সুন্দৰকৈ পৰীৰ বিয়াখন হৈ গ’ল। বিয়াৰ পিছত প্ৰথম অৱস্থাত চব ঠিকেই আছিল। তাই বোৱাৰীৰ দায়িত্ব ভালদৰে পালন কৰিছিল। শহুৰ শাহুয়েকৰ কথা মতে চলিছিল।ফুৰা চকাও কৰিছিল দুইটাই। লাহে লাহে তাইৰ ওপৰত মানসিক অত্যাচাৰ চলিবলৈ আৰম্ভ কৰিলে। তাইক শহুৰ শাহুয়েকে তাইৰ মাকৰ ঘৰৰ কথা কৈ ঠাট্টা কৰিবলৈ ধৰিলে। তেওঁলোকে নিজকে ধনী মানুহ বুলি খুব জহাই থাকে। পৰীক গাওঁলীয়া বুলি ঠাট্টা কৰে। আনকি তাইৰ গিৰিয়েকো মাক দেউতাকৰ ফলীয়া। তাইৰ হৈ সি একো মাত নামাতে। তাতোতকৈ ডাঙৰ কথা এদিন তাইৰ ওপৰত সি হাত উঠালে। তাইৰ সেইদিনা বৰ দূখ লাগিল । আৰু দিনটো ভাত পানী নাখায় কান্দি কান্দি শুই থাকিলে। তাই আৰু কিমান সহিব সিহঁতৰ অত্যাচাৰ। তাই এইবোৰ কথা মাক দেউতাকক ক’লে। প্ৰথমতে তাই কোৱা নাছিল এইবোৰ কথা। ভাবিছিল পিছলৈ ঠিক হৈ যাব। কিন্তু নাই একো পৰিবৰ্তন নহ’ল। তাই ভাবিলে মই নোৱাৰিম আৰু ইয়াত থাকিব। শেষত মাক দেউতাকে তাইক ঘৰৰ ছোৱালী ঘৰলৈ লৈ আহিবলৈ বাধ্য হ’ল। তাৰপিছত divorce প্ৰক্ৰিয়া আৰম্ভ হ’ল। এবছৰ পিছত দুয়োৰে মাজত divorce হ’ল। তাইৰ সপোন বোৰ সপোন হৈয়েই ৰ’ল। তাই আকৌ নতুনকৈ জুনিয়ৰ কলেজ খনত চাকৰি আৰম্ভ কৰিলে। তাইৰ এতিয়া নতুন ঠিকনা হ’ল জন্মস্থান খন। সকলোৱে তাইক এতিয়া দোষে। কিন্তু তাইৰ দোষ ক’ত? তাই মৰি মৰি জীয়াই থকা হ’লে সমাজখনে ভালপালে হেঁতেন ? তাই শিক্ষা দিক্ষা থকা ছোৱালী। তাই নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিব। তেনেস্থলত তাই নাৰী হ’ল বুলিয়েই কি সকলো সহ্য কৰি যাব ? ল’ৰাটোৰ কোনো দোষ নাই? সি ধোৱা তুলসীৰ পাত নেকি? বহু ক্ষেত্ৰত দেখা যায় আমাৰ সমাজত ছোৱালীজনীৰহে গাত দোষ দেখে। ল’ৰাটোৰ গাত দোষ নেদেখে। এইবোৰ মানসিকতাৰ কাৰনে এখন এখন সংসাৰ ধ্বংস হৈ যাবলৈ ধৰিছে। এখন সংসাৰ ভালদৰে চলিবলৈ হ’লে দুয়োৰে মাজত বুজাবুজি থকাৰ খুবেই প্ৰয়োজন। ইটোৱে সিটোক বিপদত সহায় সহযোগ কৰিব লাগিব। দুয়োৱে দুয়োৰ সুখ দুখৰ সমভাগী হ’ব লাগিব। তেতিয়াহে এখন সুখৰ সংসাৰ গঢ় লৈ উঠিব। সংসাৰ এখন গঢ় দিবলৈ বৰ টান কিন্তু ভাঙিবলৈ এক মূহুৰ্তও নালাগে।
পৰী মাত্ৰ এটা উদাহৰণহে ।
( এই লিখনিটোৰ লগত কোনো জড়িত নহয়। সমাজত নাৰীৰ প্ৰতি থকা মনোভাৱহে প্ৰকাশ মাথোন )
হিমাদ্ৰী বৰকটকী
নগাঁও