বৃক্ষৰ উচুপনি
অনন্ত কুমাৰ ভূঞা
ধ্ৰুপদী নৃত্য ভংগীমাত
মই স্থিতপ্ৰজ্ঞ বৃক্ষ কেইবা শতিকাৰ
বুকুত খোদিত দীঘলীয়া ইতিহাস
চাক্ষুষ দৃষ্টিত সামৰিছো ৰূঢ় নিৰ্যাতন,
মই আকাশলংঘী শতায়ু গৰকা
সেউজীয়া বৃক্ষ ।
আৱেগত লাগিছে আঘাত
হৃদয়ৰ বাটেৰে বৈছে এধাৰি লোতক,
অৰ্দ্ধমৃত্যু ক্লান্ত মোৰ অনুভৱ
আজি মই অসহায়
অৱধাৰিত মৃত্যু মোৰ নিচেই কাষত ।
হে মোৰ পবিত্ৰ কানন ,
ফুলিবলৈ নাপাহৰিবা সুখৰ দিনত
কৰুণতা লগৰী এই মুহূৰ্তত
আয়ুস ৰেখাই কৈফিয়ৎ বিচাৰিছে
এইয়া যে মোৰ অন্তিম সময় ।
মূলকাণ্ড ভেঁকুৰিছে এফালৰ পৰা ,
অন্তিম ক্ষণৰ দুৱাৰ দলিত
নিৰাশাৰ ভাগৰুৱা মন
জৈৱ বৈচিত্ৰতাৰ নিৰপেক্ষ প্ৰহৰী
শান্ত সৌম্য গহীন গম্ভীৰ
বিলুপ্ত হ’ব শতিকাজোৰা ইতিহাস ।
বহু লাঞ্চনা বহু বঞ্চনা কঢ়িয়াই
মূৰ্মুষ বেদনাত ম্ৰিয়মাণ
ফাটিছে হিয়া অনাকাংক্ষিত বেজাৰত
ক্ষতবিক্ষত চিহ্ন পৰিস্ফুট ,
কোঙা হৈ আহিছে জৈৱিক শৰীৰ ।
বাটৰুৱাই কৈ যায়
ডালবোৰ শুকাইছে ভাগিছে চিগিছে
পাতবোৰ গজা নাই
ঘাঁই শিপা পচিছে
বাৰ্ধক্যই আদৰিছে বৃক্ষজোপা ।
এজাক বিহংগমে উচুপিচে
জিৰণি ঠাই বিচাৰি উৰিছে ঘুৰিছে,
ভাগৰুৱা বাটৰুৱাই হেৰুৱাইছে শীতল ছাঁয়া।
জাক জাক বান্দৰে ক’ত জপিয়াব
বাঘে চোং সলনি কৰিব
ফেঁটি সাপে ধোন্দ এৰিব
অঘৰী হ’ব সৰীসৃপ-পোঁক পৰুৱাবোৰ ।
মৃত্যুস্বপ্নই আমনি কৰিছে
হুৰাওঁৰাওঁকৈ কান্দিছোঁ এই বয়সত
পৰিবেশ শুকান হ’ব ।
জহিখহি বাকলি এৰাইছে
বহুশতিকাৰ ইতিহাস বিলুপ্ত পথত
শেষ হ’ব মোৰ কায়িক শৰীৰ,
নিঃশব্দ কোলাহলে আদৰণি জনাব
টুকুৰা টুকুৰকৈ কুঠাৰে কাটিব
উচুপনিৰ শেষ পৃষ্ঠাত
নিচুকনি গীত কোনে লিখিব
মৃত্যু মোৰ অৱধাৰিত
আজি মাগিছোঁ বিদায়
ইতিহাসৰ এবোজা বেদনা বুকুত লৈ।