বুৰঞ্জী য়ে গৰকা দিখৌমুখত পৰ্যটনৰ সম্ভাৱনা- আদিলুৰ ৰহমান

বুৰঞ্জী য়ে গৰকা দিখৌমুখত পৰ্যটনৰ সম্ভাৱনা

আদিলুৰ ৰহমান,
টুকটুকী

মহাবাহু ব্ৰহ্মপুত্ৰ,দিখৌ,দৰিকা,মিতং নদীৰ পাৰৰ উৰ্বৰা আৰু সেউজী পথাৰৰ সমষ্টিৰে বৃহত্তৰ দিখৌমুখ অঞ্চল পৰিবেষ্টিত। যেনেদৰে এলাহাবাদৰ গঙ্গা , যমুনা আৰু সৰস্বতী নদীৰ মিলনেৰে ত্ৰিবেণী সঙ্গম ৰ সৃষ্টি কৰিছে ঠিক তেনেদৰে ই হিমালয়ৰ পৰা চিৰপ্ৰৱাহিত মহাবাহু ব্ৰহ্মপুত্ৰ, দিখৌ আৰু দৰিকা নদীৰ মিলনেৰে দিখৌমুখকো অন্য এক ত্ৰিবেণী সঙ্গম বুলি জিলিকাই ৰাখিছে। লুইতৰ বলীয়া বান,গৰাখহনীয়া, বিভিন্ন সমস্যা ৰে জৰ্জৰিত এই বৰ্ণিল দিখৌমুখ কৃষকৰ হাতৰ পৰসত প্ৰাণ উঠা এই পথাৰৰ চাৰিওফালে শস্য শামলা ধৰণী, মহাবাহু ব্ৰহ্মপুত্ৰৰ সেই দৃশ্য নন্দন দৃশ্য,গছে-বনে জাতিষ্কাৰ সেই প্ৰাকৃতিক পৰিৱেশ ক দৃষ্টি কৰে তেনে নহয় ৰজা -প্ৰজাক সকলোকে দিখৌমুখ ত অৱস্থিত সেই বুৰঞ্জীমূলক কীৰ্ত্তিচিহ্ন ও হাত বাউল দি মাতে এই বৰ্ণিল দিখৌমুখ লৈ ।
আহোম ৰজাৰ ৰাজত্ব কালত দিখৌমুখ আহোম ৰজাৰ ৰাজধানীৰ প্ৰৱেশ দুৱাৰ বুলি কব পাৰি যিহেতু দিখৌ নদীয়েদি আহোম ৰজাই নাঁৱেৰে ৰাজধানী গড়গাওঁ আৰু ৰংপুৰলৈ অহা যোৱা কৰিছিল। তাৰোপৰি দিখৌমুখতপ্রতিষ্ঠিত ৰূপহী নগৰলৈ ৰূপহীজানেৰে যাতায়তৰ সুচল হৈছিল। আহোম ৰজাৰ ৰাজত্ব কালৰ বুৰঞ্জীমূলক কীৰ্তিচিহ্নৰে শিৱসাগৰৰ লগতে দিখৌমুখতো তদনুৰূপ কীৰ্তিচিহ্ন উভয়নদী হৈ আছে।

ভাৰতবৰ্ষৰ বাদেও দেশ-বিদেশৰ পৰা বহুতো পৰ্যটক শিৱসাগৰৰ পুৰণি কীৰ্তিচিহ্ন বিলাক পৰিদৰ্শন কৰিবলৈ অহাৰ লগতে দিখৌমুখত অৱস্থিত ৰজাদিনীয়া পুখুৰী, ৰামখ্যাপীঠ দেৱালয় আৰু শ’ৰাগুৰি চাপৰিত অৱস্থিত আজান পীৰ দৰগাহ শ্বৰীফ পৰিভ্ৰমণ কৰা দেখা যায়। ইয়াৰোপৰি প্ৰতি ইংৰাজী নতুন বছৰৰ জানুৱাৰী মাহত বিভিন্ন স্থানৰ পৰা অহা হাজাৰ হাজাৰ লোকে দিখৌমুখৰ ব্ৰহ্মপুত্ৰৰ বালিত বনভোজ খাই নতুন বছৰটোক আনন্দ উল্লাসেৰে আদৰণী জনোৱাৰ লগতে প্রাচীন কীৰ্তিচিহ্ন বিলাক পৰিদৰ্শন কৰে। কিন্তু আহোম ৰজাৰ ৰাজত্ব কালৰ বুৰঞ্জীমূলক কীৰ্তিচিহ্ন ৰে ভৰপুৰ শিৱসাগৰ জিলাৰ ভিতৰুৱা অঞ্চল দিখৌমুখ ত অৱস্থিত বহু কীৰ্তিচিহ্ন বৰ্তমান ধ্বংস আৰু সংৰক্ষণ অভাৱত । দিখৌমুখ ক যে আজানপীৰ দৰগাহ আৰু কালিকাপুৰাণত উল্লেখিত মহান তত্ত্বপীঠ ৰামখা পীঠ দেৱালয়ে আহোম যুগৰ স্মৃতি জিলিকাই ৰাখিছে তেনে নহয় ইটাজান, ৰূপহীজান, বহু বিঘা জুৰি খন্দোৱা মগলৌপুখুৰী,টেলিয়াডোঙা পুখুৰী বা অন্যান্য কীৰ্তিচিহ্ন ই অসম বুৰঞ্জীৰ সোণৰঙা অতীজৰ কথা আজি ও দিখৌমুখ ত সগৌৰৱে ঘোষণা কৰি আহিছে । বহু বিঘা জুৰি আহোম ৰজাই খন্দোৱা পুখুৰী, বা আহোম যুগৰ স্মৃতি জিলিকাই ৰখা বহু কীৰ্তিচিহ্ন প্ৰাকৃতিক দুৰ্যোগ আৰু সংৰক্ষণ ৰ অভাৱত বিলুপ্ত হোৱাৰ উপক্ৰম হৈছে আৰু প্ৰায় বিলুপ্ত হোৱাৰ দিশত গতি কৰিছে । আহোম ৰজাৰ স্মৃতি স্বৰূপ এই কীৰ্তিচিহ্ন সমুহ ক সংৰক্ষণ কৰাৰ প্ৰয়োজন যদিহে সংৰক্ষণ নকৰে নৱ প্ৰজন্ম ই হয়তো এই কীৰ্তিচিহ্ন সমুহ দেখিবলৈ নাপাব । গতিকে এই প্ৰাচীন কীৰ্তিচিহ্ন সমুহ সংৰক্ষণ কৰি চৰকাৰে দিখৌমুখ ক ন-ৰূপ দি নপৰিকল্পনা ৰে দিখৌমুখক পর্যটন কেন্দ্র হিচাবে গঢ়ি জিলিকাই তুলিব লাগে। সেয়েহে স্থানীয় ৰাইজৰ সহযোগ আৰু সংশ্লিষ্ট বিভাগ,চৰকাৰ ৰ বিভিন্ন আঁচনি ত দিখৌমুখ ক অন্তৰ্ভুক্ত কৰা ৰ প্ৰয়োজন আছে আৰু পৰ্যটন স্থলী গঢ় দিব লাগে । গৌৰীসাগৰৰ পৰা দিখৌমুখলৈকে এই বৃহৎ অঞ্চল ঐতিহাসিক মঠ-মন্দিৰ, আলি-পদুলি, জান-জুৰি, নদ-নদী, গড়, খাৱৈ, পুখুৰী আদিৰে ভৰপুৰ। এই সকলো ইতিহাসপ্রসিদ্ধ স্থানকে সংৰক্ষণ কৰি দিখৌমুখক ঐতিহাসিক পৰ্য্যটনৰ এক আকর্ষণীয় ক্ষেত্ৰলৈ উন্নীত কৰিব পাৰি। মনোমোহা প্রাকৃতিক দৃশ্যৰে ভৰা দিখৌ ব্ৰহ্মপুত্ৰ-দৰিকাৰ ত্ৰিবেনীসঙ্গম স্থললৈ শিৱসাগৰ নগৰৰ পৰা দিখৌ নদীয়েদি নৌকা বিহাৰৰ ব্যৱস্থা কৰিব পৰা যায়। দিখৌমুখৰ এখন প্ৰামান্য ইতিহাস ৰচিত হ’ব লাগে। ইয়াক লৈ নিৰ্মাণ কৰা এখন তথ্যচিত্রই সামাজিক উত্তৰণত নিশ্চয় সহায় কৰিব ।