বুলু ফিল্ম-জয়ন্ত কলিতা

বুলু ফিল্ম

এক ব্যতিক্রমী কাহিনী আৰু হাস্যব্যংগ শৈলীৰে নিৰ্মিত বুলু ফিল্ম ( Bulu film) নামৰ অসমীয়া ছবি খনে এতিয়া মুক্তিৰ পূর্বেই বিশেষ চৰ্চা লাভ কৰিছে।শেহতীয়া কৈ শিলচৰত অনুষ্ঠিত হোৱা প্ৰাগ চিনে এৱাৰ্ড ২০২২ শীর্ষ অনুস্থানত এই অসমীয়া ছবি খনে কেইবাটাও শিতানত বঁটা লাভ কৰি ইতিমধ্যে এক অভিলেখ সৃষ্টি কৰিছে।বিশ্বৰ কেইবাখনো চলচ্চিত্র মহোৎসৱতো ছবি খন প্ৰেৰণ কৰা হৈছে।একপ্ৰকাৰ অসমীয়া চলচ্চিত্ৰ জগতত বুলু ফিল্ম (Bulu film) ছবি খনে এতিয়া এক আলোড়ন সৃষ্টি কৰিছে বুলি উল্লেখ কৰিব পাৰি।
আচলতে বুলু ফিল্ম ( Bulu film) ছবি খনে হাস্যৰসৰ মাজেৰে এখন বিষাদ কাহিনী প্ৰকাশ কৰিছে।ক’ভিড পৰিস্থিতিত সৃষ্টি হোৱা লকডাউনত মধ্যবিত্ত শ্রেণীৰ লোক সকল ভীষণ আৰ্থিক সংকটত পৰিছিল।ঠিক একে পৰিস্থিতিৰ সন্মুখীন হৈছিল নামনি অসমৰ এখন সাধাৰন গাঁওৰ তিনি জন যুৱক।
পিছে এই তিনি যুৱকে লকডাউনৰ সময়ত ঘৰতে ধন উপাৰ্জন কৰিবলৈ এখন বুলু ফিল্ম ( Bulu film) নিৰ্মাণ কৰাৰ বাবে এক পৰিকল্পনা কৰিছিল।পিছে বুলু ফিল্ম (Bulu film)নিৰ্মাণ কৰিবলৈ গৈ সেই
তিনি জন যুৱক কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল। ঠিক তেনে এটা কাহিনী লৈ ছবি খন নিৰ্মাণ কৰা হৈছে।সাম্প্রতিক সময়ত নিবনুৱা সম্যসা দ্বাৰা যুৱ সামাজ আৰ্থিক সংকটত ভোগা এটা বাৰ্তাও ছবি খনৰ জৰিয়তে দিয়া হৈছে। বুলু ফিল্ম (Bulu film) ছবি খনৰ কাহিনী আৰু পৰিচালনা হিমাংশু প্ৰসাদ দাসৰ।প্ৰযোজনা কৰিছে হিমাংশু প্ৰসাদ দাস আৰু বন্দনা দত্ত মজুমদাৰে। সম্পাদনা কৰিছে হাৰ্দিক কাশ্যপে আৰু চিত্র গ্রহণ কৰিছে চন্দ্র কুমাৰ দাসে।সংলাপ লিখিছে মহাৰ্ষি টুহিন কাশ্যপ আৰু চাংকু নিৰঞ্জন নাথে।অভিনয় কৰিছে অসমৰ বিশিষ্ট অভিনেত্রী প্ৰনামী বৰা আৰু অপুৰ্ব বৰ্মন,ৰূপম জ্যোতি দাস,অনামিকা শৰণীয়াই,গৌৰৱ জ্যোতি দাস, শিখা ঠাকুৰীয়া।লগতে অভিনয় কৰিছে পৰিচালক হিমাংশু প্ৰসাদ দাসেও।
এই চৰ্চিত ছবি খন অহা ৯ ছেপ্টেম্বৰ শুক্রবাৰে সমগ্র অসত চিত্র গৃহ সমূহত মুক্ত লাভ কৰিব।মুক্তিৰ পূর্বে বুলু ফিল্ম ( Bulu film) ছবি খনে চলচ্চিত্র প্ৰেমী ৰাইজৰ পৰা বিশেষ সহাৰী লাভ কৰিবলৈ সক্ষম হৈছে আৰু কেইবাটাও নিউজ চেনেলৰ বাতৰিত শিৰোনামা দখল কৰিছে।

-জয়ন্ত কলিতা
( ৰঙিয়া )