বুধবাৰে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিশাল ফুকনক

বুধবাৰে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ বিশাল ফুকনক

ৰঙিলী বাৰ্ত্তাসেৱা– অনলাইন ট্ৰেডিঙৰ কোটি কোটি টকাৰ প্ৰৱঞ্চনাত অভিযুক্ত ২২ বছৰীয়া বিশাল ফুকনক আজি ডিব্ৰুগড়ৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয়।বিশাল ফুকনক বুধবাৰে পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল বিশালক। আৰক্ষীয়ে পুনৰ ৫ দিনৰ জিম্মাত বিচাৰি কৰিছিল আবেদন।আদালতে আবেদন অগ্ৰাহ্য কৰি পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে বিশাল ফুকনক। যোৱা ৭ ছেপ্টেম্বৰৰ পৰা ডিব্ৰুগড় কাৰাগাৰত আছে বিশাল ফুকন।