বুদ্ধিৰ নীৰৱ কাব্য – পৰীণিতা দেৱী

বুদ্ধিৰ নীৰৱ কাব্য

পৰীণিতা দেৱী
লক্ষীমপুৰ ,বিহপুৰীয়া

এজন সকলো দিশতে আগবঢ়া বুদ্ধিমান ব্যক্তি কেতিয়াও কেৱল পুথিগত জ্ঞানতেই সীমাবদ্ধ নাথাকে। তেওঁৰ জীৱনৰ চাল-চলন, আচৰণ, চিন্তাধাৰা, আৰু জীৱনৰ প্ৰতিটো দৃষ্টিভংগীৰে তেওঁৰ জ্ঞান, বিচক্ষণতা আৰু আত্মনিয়ন্ত্রণৰ পৰিচয় পোৱা যায়। জীৱনৰ বহু অভ্যাসৰ মাজত কিছুমান এনে অভ্যাস আছে ,যিয়ে এজন মানুহক সমাজৰ এজন সফল ব্যক্তি কৰি গঢ়ি তোলে।

প্ৰথমতে, “সদায় কম কথা কোৱা” এই অভ্যাসটো এজন বুদ্ধিমান ব্যক্তিৰ মৌলিক স্বভাৱ। অধিক কথা ক’লে ভুল হোৱাৰ সম্ভাৱনা বাঢ়ে, আৰু চিন্তা নকৰাকৈ কোৱা কথাই বহু সময়ত অনৰ্থক সমস্যাৰ সৃষ্টি কৰে। বুদ্ধিমান ব্যক্তিসকলে সাৱধানে কথা কয়, প্ৰয়োজন অনুসৰি আৰু যথোপযুক্ত সময়ত, যাৰ ফলত তেওঁৰ মানসিক গম্ভীৰতা আৰু বিচক্ষণতাৰ পৰিচয় স্পষ্ট হয়।

দ্বিতীয়তে, “সকলো পৰিস্থিতিত শান্ত হৈ থকাৰ ক্ষমতা” ই এটি দুষ্প্ৰাপ্য গুণ। জীৱনত এনে বহু পৰিস্থিতি আহে, য’ত উত্তেজিত হোৱাটো স্বাভাৱিক। কিন্তু যিজনে সেই সময়তো ধৈৰ্য আৰু স্থিৰতা বজাই ৰাখে, তেওঁ জীৱনত যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰে। এই ধৰণৰ মানসিক স্থিতিশীলতা বুদ্ধিমত্তাৰ এক গুৰুত্বপূৰ্ণ লক্ষণ।

তৃতীয় গুণটো হ’ল—”অকলশৰীয়াকৈ থকাটো পছন্দ কৰা”- সমাজৰ আটাইতকৈ জ্ঞানী লোকসকলে বহু সময়তে নিজৰ লগত সময় কটাবলৈ ভালপায়। তেওঁলোকে আত্ম-অনুশীলন, অধ্যয়ন, ধ্যান, আৰু আত্মসমীক্ষাত নিজকে নিযুক্ত ৰাখে। বৰ্হিজগতৰ কোলাহল এৰাই অন্তৰ্মুখী চিন্তাত মনোনিৱেশ কৰাটো আদৰ্শৱান জ্ঞানী লোকৰ স্বভাৱ।

চতুৰ্থতে, “মূৰ্খ মানুহৰ পৰা আঁতৰি থকা” – ই এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক কৌশল। মূৰ্খ ব্যক্তিয়ে সদায় যুক্তিহীন বিতৰ্কত আনন্দ পাই কিন্তু বুদ্ধিমান ব্যক্তিসকলে যুক্তিহীন বিতৰ্ক সমূহক লৈ অমনোযোগী সেয়ে এনে ধৰণৰ। আলোচনা তেওঁলোকে এৰাই চলে। তেওঁলোকে জানে যে, যুক্তিহীন কথাত মতামত আগবঢ়ালে  মনত অপ্ৰয়োজনীয় উত্তেজনা আৰু সংঘাত জন্মায়।

পঞ্চম অভ্যাসটো হৈছে—”অযথা বিতৰ্ক নকৰি সময় বচোৱা”-যুক্তিসংগত বিতৰ্ক মানসিক বিকাশৰ বাবে সহায়ক হলেও, যিকোনো বিষয়ে বিতৰ্কত লিপ্ত হোৱাটো সময় আৰু শক্তিৰ অপচয়। এজন বুদ্ধিমান ব্যক্তিয়ে জানে ক’ত কিমান কথা ক’ব লাগে, আৰু কিমান সময় কোন বিষয়ত কথা কোৱা উচিত।

ষষ্ঠ অভ্যাসটো হৈছে “বিপদৰ সময়তো স্থিৰতা বজাই ৰখা”- সংকটৰ মুহূর্তত অধিকাংশ মানুহৰ মনটো বিচলিত হয়; কিন্তু যিজন ব্যক্তিয়ে ঠাণ্ডা মগজুৰে পৰিস্থিতিটো পৰ্যবেক্ষণ কৰিব পাৰে তেওঁ উপযুক্ত সমাধান লাভ কৰে আৰু প্ৰকৃততে তেওঁয়েই বুদ্ধিমান। বিপদৰ সময়ত স্থিৰতা বজাই ৰাখি আত্মবিশ্বাসেৰে সঠিক পথত খোজ দিবলৈ যিবোৰ ব্যক্তি সক্ষম, তেওঁলোকে অন্যলোকৰ বাবে অনুকৰণীয় আৰু প্ৰেৰণাৰ প্ৰতীক হৈ উঠে।

সপ্তম অভ্যাসটো হ’ল “জীৱনৰ ওপৰত অধিক অভিযোগ নকৰা” – অভিযোগ কৰা অভ্যাসে মনত অসন্তুষ্টি আৰু নেতিবাচক মানসিকতা সৃষ্টি কৰে।এজন প্ৰকৃত বুদ্ধিমান ব্যক্তিয়ে জানে, অভিযোগে নিজৰ সময় নষ্ট কৰে আৰু হতাশা জন্মাই নিজৰ মন মগজুৰ ক্ষতি কৰে। সেয়ে তেওঁলোকে যিবোৰ সমস্যা আছে, তাক গ্ৰহণ কৰি সমাধানৰ পথ বিচাৰি আগবাঢ়ে।

অন্তিম অভ্যাসটো—”ঘৰৰ ব্যক্তিগত কথা আনৰ লগত সদায় ভাগ নকৰি নিজৰ মাজত ৰখা”-  বুদ্ধিমান ব্যক্তিসকলে নিজৰ অন্তৰঙ্গ জীৱনৰ কথা সমাজৰ মাজত অৰ্থাৎ পোহৰলৈ আনিব নিদিয়ে বা নানে। তেওঁলোকে জানে যে, সকলো মানুহেই সহানুভূতিশীল নহয়, আৰু ব্যক্তিগত তথ্য বহু সময়ত অপব্যবহাৰ হ’ব পাৰে।এই আটাইকেইটা আচৰণ যদি দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলা যায়, তেন্তে এজন লোক সমাজত প্ৰশংসনীয় ব্যক্তিত্ব হিচাপে পৰিগণিত হ’ব। এইবোৰ আচৰণে মানুহক কেৱল মানসিক স্থিতি আৰু আত্মবিকাশৰ পথেই নেদেখুৱাই , ই এক সুস্থ সামাজিক জীৱনৰ বাবে পৃষ্ঠপোষক শক্তি হিচাপেও কাম কৰে। সেয়ে এই অভ্যাস বোৰকে জীৱনৰ অঙ্গ কৰি তোলাটো বুদ্ধিমান লোকৰ সিদ্ধান্ত হ’ব।