ৰঙিলী বাৰ্ত্তাসেৱা- সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সেৱক তথা সত্ৰৰত্ন বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ নশ্বৰ দেহ লৈ বৰপেটা চহৰত উলিওৱা হয় বিশাল শোভাযাত্ৰা৷ একশৰণ হৰিনাম ধৰ্ম আৰু সত্ৰীয়া সংস্কৃতিৰ ধ্বজাবাহক বশিষ্ঠ দেৱশৰ্মাৰ অন্তিম যাত্ৰাত ভাগ লোৱাৰ উদ্দেশ্যে আজি লোকাৰণ্য হৈ পৰে সত্ৰনগৰী বৰপেটা৷ পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তেওঁৰ গুণমুগ্ধৰে ভৰি পৰে বৰপেটা চহৰৰ প্ৰতিটো ৰাজপথ৷ কালি নিশাৰ ভাগত বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ সুন্দৰীদিয়াৰ বাসভৱনলৈ অনা হয়৷ পুৱা বৰপেটা সত্ৰত পুৱাৰ প্ৰসংগৰ পাছতে সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে ভকত-বৈষ্ণৱ, আইমাতৃ সমন্বিতে অগণন লোকৰ সমাৱেশ হয় বুঢ়া সত্ৰীয়াগৰাকীৰ বাসভৱনত৷ ইয়াৰ পাছতে হৰিনাম ধ্বনিৰ মাজেৰে তেওঁৰ নশ্বৰ দেহ পত্ৰ-পুষ্পৰে সু-সজ্জিত এখন গাড়ীত উঠাই আৰম্ভ হয় অন্তিম যাত্ৰা৷ সহস্ৰাধিক লোকে বিশাল শোভাযাত্ৰা কৰি বুঢ়া সত্ৰীয়া বাপজনাৰ নশ্বৰ দেহ প্ৰথমে সুন্দৰীদিয়াস্থিত বাসগৃহৰ পৰা সুন্দৰীদিয়া সত্ৰলৈ নিয়ে৷ সুন্দৰীদিয়া সত্ৰৰ সন্মুখতে সুন্দৰীদিয়া সত্ৰ পৰিচালনা সমিতিয়ে বুঢ়া সত্ৰীয়াগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে৷ ইয়াৰ পাছত সুন্দৰীদিয়া সত্ৰৰ পৰা বুদৰুৰটুপ পথেৰে শোভাযাত্ৰা কৰি বিলৰটাৰীহাটীৰ চক হৈ বিলৰটাৰীহাটীৰ ৰাখাল থানৰ সন্মুখত উপস্থিত হয়৷ পাছত পালাংদিহাটীৰ চূণপোৰা ভিঠিৰ সন্মুখেৰে সমদলটোৱে পথ পৰিক্ৰমা অতিক্ৰম কৰি বৰপেটা থানাৰ সন্মুখেৰে বৰপেটা বজাৰ হৈ নহাটীস্থিত বৰপেটা সত্ৰৰ বাছ আস্থান চৌহদত উপস্থিত হয়৷ বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ লৈ বিশাল সমদলটোৱে শোভাযাত্ৰা কৰাৰ সময়ছোৱাত পথৰ কাষে কাষে ৰৈ থকা অগণন লোকে পুষ্পাঞ্জলিৰে বুঢা. সত্ৰীয়াগৰাকীলৈ শ্ৰদ্ধা নিৱেদন কৰে৷ বৰপেটা-বাঘবৰ পথত থকা জামে মছজিদৰ সন্মুখত বৰপেটাৰ খাদেমূল ইছলাম সমাজৰ হৈ বহুসংখ্যক ইছলাম ধৰ্মাৱলম্বী লোকে বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলি দি শ্ৰদ্ধা জ্ঞাপন কৰে৷ শোভাযাত্ৰাৰ অন্তত বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ নহাটীস্থিত বৰপেটা সত্ৰৰ বাছ আস্থানত ৰখা হয়৷ বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত উক্ত স্থানতে আয়োজন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ আইসকলৰ অবিৰতভাৱে গাই থকা হৰিনাম আৰু পাঠকে কৰা ভাগৱত পাঠৰ মাজতে আৰম্ভ হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ প্ৰথমে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকে সত্ৰীয়া ৰীতি-নীতিৰে বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহত পুষ্পাঞ্জলিৰে শ্ৰদ্ধা নিৱেদন কৰে৷ ইয়াৰ পাছতে বৰপেটাৰ উপায়ুক্ত আয়ুস গৰ্গ, আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰাৰ উদ্দেশ্যে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিশিষ্ট সাংবাদিক-লেখক হাইদৰ হুছেইন, বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰ, সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্য, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক নাথ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক ক্ৰমে ৰাছেল হুছেইন আৰু মণিৰুজ জামান, তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক মিডিয়া কোষৰ আহবায়ক দিলীপ শৰ্মা, এন চি পিৰ ৰাজ্যিক সভাপতি ধীৰেন্দ্ৰ নাথ অধিকাৰীৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি উপস্থিত হয়৷ বৰপেটা সত্ৰৰ শাখা সত্ৰ সমাজ, অসমৰ অন্তৰ্গত শাখা সত্ৰসমূহৰ প্ৰতিনিধিসকলেও বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে৷ কাইলৈ বুঢ়া সত্ৰীয়াগৰাকীৰ নশ্বৰ দেহ পুৱাৰ প্ৰসংগৰ পাছত বৰপেটা সত্ৰ চৌহদৰ চাৰিওফালে প্ৰদক্ষিণ কৰোৱাৰ লগতে স্থূল তিনিহাটীৰ তিনি বাটচ’ৰালৈ নি সন্মান প্ৰদৰ্শন কৰা হ’ব৷ ইয়াৰ পাছতে বৰপেটা সত্ৰৰ খটখটীৰ পূব পাৰত ৰাজ্যিক মৰ্যাদা আৰু সত্ৰীয়া ৰীতি-নীতিৰে অন্তে্যষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব৷