বুঢ়াচাপৰী অভয়াৰণ্যত উচ্ছেদ অভিযান
ৰঙিলী বাৰ্ত্তাসেৱা- বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ অন্তৰ্গত চৰ অঞ্চলত অবৈধ বেদখলকাৰীৰ পৰা ১৯০০ হেক্টৰ ভূমি মুকলি কৰাৰ বাবে শোণিতপুৰ আৰু নগাঁও জিলাত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছে। অভিযানৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহ’বলৈ অঞ্চলটোত অৰ্ধসামৰিক বাহিনী, গৃহৰক্ষী, চিআৰপিএফ আৰু অসম আৰক্ষীকে ধৰি ২০০০ তকৈও অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। সূত্ৰ অনুসৰি, বেদখলকাৰী উচ্ছেদ অভিযান মঙলবাৰৰ পৰা বৃহস্পতিবাৰলৈ অব্যাহত থাকিব। এই উচ্ছেদ অভিযানত বুঢ়াচাপৰী বন্যপ্ৰাণী অভয়াৰণ্যৰ ওচৰৰ চৰ অঞ্চলত ৫০ খন জেচিবি আৰু ৩০ খন ট্ৰেক্টৰ মোতায়ন কৰা হৈছে।