(জনতাৰ কণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাৰে- অশ্ৰুঅঞ্জলি)
বুকুৰ সমুদ্ৰত বিলীন এটা গান
ভৱেন চন্দ্ৰ নাথ
জনতাৰ বুকু খুদা কৰি
এটা ধুমুহা নোহোৱা হ’ল
এটা গানৰ শেষত
গজি উঠিল এটা নতুন গান
কঁপি উঠিছে
জনতাৰ প্ৰাণ
মহানায়ক *জুবিন* ৰ
মহাপ্ৰয়াণ
অজান্তি মুলুকলৈ যাত্ৰা
মানৱপ্ৰেমৰ নিদৰ্শন থৈ
আপোনৰ হিয়াত
নিগাজী ঠিকনা হৈ
*জুবিন* অমৰ সন্তান
ৰত্নগৰ্ভাৰ বুকুৰ শীতল স্পৰ্শত
‘ৰত্নাকৰ’ৰ অন্তিম শয়ন
সৰ্বহাৰাৰ হকে জীৱন উৎসৰ্গা
এটি বিৰল প্ৰতিভা, ব্যক্তিসত্বা
বিশাল আকাশৰ দৰে
সমুদ্ৰগভীৰ চেতনাৰে
প্ৰতিপল জনতাৰ হকে
গান, ছবি, প্ৰকৃতিৰ বাবে
নিজক বিলাই দিয়া
এটা সূৰ্যক সাগৰগৰ্ভই
সাবটি উচুপিলে
এটা প্ৰতিভাৰ মহাপ্ৰস্থানে
সুচি কৰিলে মহাসমুদ্ৰকো
ফুল, তৰা,গানেও আজি
হেৰুৱালে হাঁহি
প্ৰকৃতিয়েও উঠিল উচুপি
*জুবিন* প্ৰাণ অসমীয়াই যাচিলে অশ্ৰুঅঞ্জলি
অসামান্য প্ৰেৰণাৰে
মানৱতাৰ গীত গোৱা
তুমি এটা সূৰ্য
কাহানিও অস্ত নোযোৱা
কেৱল পোহৰ আছিলা
জনতাৰ প্ৰতিবাদী কণ্ঠ
আপোচহীন এটি সত্বা
স্বাভিমানী শিল্পীৰ
জীৱন পৰিক্ৰমা
তোমাৰ প্ৰতীক্ষাত
লক্ষ-লক্ষ জনতাৰ স্ৰোত
গুণমুগ্ধৰ আৰ্তচিৎকাৰ
সৃষ্টি কৰি মহাসমুদ্ৰ
তোমাক বিদায় দিবলৈ নহয়,
তোমাক বুকুত ঠাই দিবলৈ
কটালে বিনিদ্ৰ ৰজনী
ভোক,পিয়াহ সকলো নেওচি
‘সাগৰ তলিত শয়ন’
তোমাৰ ৰৌদ্ৰ কামনা
মহাসমুদ্ৰ সদৃশ এটি সত্বা
অপেক্ষাৰ অন্ত পেলাই
আকোঁৱালি লৈ
সান্ত্বনা দিবলৈ
প্ৰশান্ত আকুল ৰত্নগৰ্ভা
ত্যাগৰ অমল প্ৰতীক
প্ৰতিধ্বনিত এটা গীত
নিজস্ব জীৱন চৰ্যাত
উৎসৰ্গিত এটি প্ৰাণ
উদযাপন কৰি গ’লা
প্ৰেম আৰু প্ৰেৰণাৰে
আদৰ্শ জীৱন
জনতাৰ উশাহত
হেঁপাহ আৰু পোঁহৰৰ
এটাই মাথোঁ গান
যাৰ মহাসমুদ্ৰত স্নান
বিৰামহীন কৰ্মযজ্ঞত
নিজক আহুতি দিয়া
বিশ্বমানৱৰ আপোন
তুমি অমৰ সন্তান
অসমপ্ৰাণ
জাতি -ধৰ্মৰো উৰ্ধত
মহান মানৱতাৰ আদৰ্শৰে
বিশ্বমানৱৰ হৃদয় জিনি
তুমি গালা মানৱতাৰ গান
তুমি পৃথিৱীৰ অমৰ সন্তান।