বুকুৰ বিষৰ এটি গান
প্ৰিয়াংশু প্ৰাঞ্জল,বোকাখাত
ব্ৰহ্মাণ্ড চালাথ কৰিলোঁ
বুকুৰ বিষৰ ঔষধ এপালি বিচাৰি।
তিতা-কেঁহা,ডাল-পাতৰ
ৰস গিলিলোঁ
প্ৰলেপো লগালোঁ।
পাহাৰ-ভৈয়াম
আনকি সাগৰৰ তলিলৈকো খেপিয়ালোঁ
কিজানি বিচাৰি পাওঁ এপালি বনদৰৱ।
অনাই-বনাই
অলিয়ে গলিয়ে
বিচৰা নাই ক’ত ?
জীৱনৰ ভৰত হোৱা বুকুৰ বিষৰ ঔষধ।
জৰা-ফুকা
বেজ-বেজালি। কৰা নাই কি ?
ডাক্তৰ পৰামৰ্শ!
সেয়াও হ’ল।জাপ লাগি পৰি আছে প্ৰেছক্ৰিপশ্যন।
ভাগৰুৱা অৱস এটি ৰাতি
হেৰাই যাওঁ যেন কৰা জীৱন গতি
বতাহতে উৰি আহিল এটি গুণগুণনি।
বতাহকে সুধিলোঁ,
এই মাত কাৰ ?এই সুৰ কাৰ ?
এই গান কাৰ ?
বতাহেই ক’লে,জুবিন দাৰ।
বাঢ়িব নিবিচৰা জীৱন লতিকাত
সিঁচি গ’ল এটুপি সাৰ-পানী।
অ’ বতাহ,
কি নাম থ’বা এই গানৰ ?
“জীৱনৰ মহৌষধ” ।