বুকুৰ আৰ্তনাদ
দ্বীপশিখা শৰ্মা ( নগাঁও)
পোহৰ সামৰি ৰাতিৰ অন্ধকাৰ নামি আহিছিল
সেই আন্ধাৰত ডুব গৈছিলো তুমি আৰু মই।
মনত আছেনে তোমাৰ?
সেই দিনটোৰ সৈতে কটোৱা স্মৃতি!
হয়তো পাহৰণিৰ গৰ্ভত বিলীন হ’ল
কিন্তু ৰৈ গ’ল কিছু স্মৃতিৰে মোৰ ভঁৰাল।
সেই সময় বৰ ৰোমাঞ্চকৰ য’ত আপোন আপোন সুভাষ।
অথচ বৰ্তমান,সময়ৰ সোঁতত হৈ পৰিল বিষাদৰ অগ্নিশিখা।
কেতিয়াবা শুনিছানে?
কাৰোবাৰ আৰ্তনাদ?
হিয়া ভৰা কান্দোন,
উঠ যুৰি চেপি, খুন্দি ৰখা উদবাউল চিঞৰ।
হয়তো তুমি শুনাই নাছিলা।
পাৰিলে, এবাৰ শুনি চাবা..
কাৰোবাৰ বুকুত জ্বলি উঠা সেই আৰ্তনাদৰ বিহ্বল ধ্বনি।
হয়তো বুজিবা,
সেই বুকুৰ উন্মাদনা কিমান গভীৰ আছিল তোমাৰ সুখত;
তোমাৰ বাবে, তোমাৰ নামত।
সেই বুকুৰ উন্মাদনা কিমান গভীৰ আছিল তোমাৰ সুখত;
তোমাৰ বাবে, তোমাৰ নামত।