বুকুত নাবাজে প্ৰকৃতি আৰু মানৱৰ চুবুৰি – মীনাক্ষী বৰুৱা সূত

বুকুত নাবাজে প্ৰকৃতি আৰু মানৱৰ চুবুৰি

মীনাক্ষী বৰুৱা সূত,
লক্ষীমপুৰ
শিলৰ ওপৰতো ফুল ফুলে
কিন্তু তোমাৰ মনত ফুল নুফুলে
কাৰোবাৰ হৃদয়ে তেতিয়া প্ৰশ্ন কৰে
তুমি নিষ্ঠুৰ নে তুমি মাথোঁন মমতাৰ নাৰী ?
মুকলি বতাহৰ সুৰবোৰো তোমাৰ বুকুত নুফুলে ?
বৃন্তৰ তুমি ?
নে নিৰৱতা তুমি ?
এটি বৃহত কবিতা
শিলৰ হৃদয় আছে বাবেই
কঠিন শিলৰ ওপৰতো মৰম ওপজে
শিলৰ বুকুত ৰক্ত প্ৰবাহ
বলিষ্ঠ শিলৰ বুকুৰ উত্তাপত
ফুল ফুলি উঠে ।
মনত পেলাওঁ
অতীতৰ গাভৰুজাকৰ
পানী কলহৰ বাবে
একোখন আসনৰ সজা হৈ পৰিছিল শিলেই
কোনো অজুহাত নাছিল সিহঁতৰ
মাথোঁন গাভৰুজাকে খিলখিলাই হাঁহিছিল
নদীৰ পাৰত লিহিৰী সোঁতত গা ঘেলাইছিল
নদীৰ লগত প্ৰেম নিবেদন কৰিছিল।
তোমাৰ বুকুত যাদুকৰী ৰাতিবোৰো সাৰে নাথাকে ?
বাস্তৱৰ সতে স্বপ্নবোৰে ধেমালিও নকৰে ?
তোমাৰ মগ্ন চেতনাত প্ৰকৃতিৰ আপোনতাৰ দৰে
বুকুত নাবাজে প্ৰকৃতিৰ আৰু মানৱৰ চুবুৰি ।