বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰ

বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পাণি ফুকনক গ্ৰেপ্তাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক আৰক্ষীয়ে  গ্ৰেপ্তাৰ কৰে। খ্ৰীষ্টানবস্তিৰ এখন হোটেলৰ পৰা আৰক্ষীয়ে আটক কৰে ৰন্টু পানীফুকনক। বীৰ লাচিত সেনাৰ মুখ্য সচিবগৰাকীৰ লগতে তন্ময় চেতিয়া আৰু উৎপল অসম নামৰ আন দুজনকো আটক কৰে আৰক্ষীয়ে। মহানগৰীৰ খ্ৰীষ্টানবস্তিৰ হোটেল এপল’ গ্রেণ্ডত সংবাদ মেল সম্বোধন কৰাৰ মাজতে আৰক্ষীয়ে আটক কৰে বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰন্টু পানীফুকনক।অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বীৰ লাচিত সেনাৰ কেইবাজনো সদস্যক।সেই ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰিছিল সংগঠনটোৰ মুখ্য সচিবগৰাকীয়ে। সংবাদ মেল সম্বোধন কৰি থকাৰ সময়তে আৰক্ষীৰ দলে গ্ৰেপ্তাৰ কৰে ৰণ্টু পাণিফুকনক।  উল্লেখ্য যে মুখ্য সচিব ৰন্টু পানীফুকনক আটক কৰাৰ পূৰ্বে বীৰ লাচিত সেনা সন্দর্ভত সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়- বীৰ লাচিত সেনাৰ কার্যকলাপত আমি অসন্তুষ্ট। সংগঠনটোৱে ৰাজ্যখনত ব্যৱসায়ৰ পৰিৱেশ বিনষ্ট কৰিছে। আলফা (স্বা)ৰ দৰে এদিন বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব। তেওঁ আৰু কয়- সংগঠনটো ইতিমধ্যে অসম চৰকাৰৰ নজৰত আছে। অসমৰ আই-মাতৃৰ বিৰুদ্ধে অসন্মানজনক মন্তব্য কৰাৰ বাবে সংগঠনটোৰ এজন নেতাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈও তেওঁ অসম আৰক্ষীক নির্দেশ দিয়া বুলি জানিবলৈ দিছিল।