বীৰ লাচিত সেনাৰ কৰিস্মা নাথৰ বিৰুদ্ধে এজাহাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বীৰ লাচিত সেনা অসমে উজান বজাৰ আঞ্চলিক সমিতিৰ ফালৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ চিৰসেউজ গীত বিকৃত কৰাৰ অভিযোগত কৰিশ্মা নাথৰ ওপৰত লতাশিল আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে৷বীৰ লাচিত সেনা অসমৰ উজান বজাৰ আঞ্চলিক সমিতিৰ মুখ্য সচিব জয়ন্ত শৰ্মা,সভাপতি কৃষ কাকতি,সাংস্কৃতিক সম্পাদক নিকুঞ্জ দাস,প্ৰশাসনিক কৌশিক শৰ্মা,বিত্ত সম্পাদক দয়াল চন্দ্ৰ নাথ,মুখ্য কাৰ্যালয় সচিব নয়ন বৰা,মুখ্য প্ৰচাৰ সচিব নয়ন কলিতা আদি লতাশিল থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ হাতত এজাহাৰখন দাখিল কৰে৷