বীৰ চিলাৰায় বটাঁপ্ৰাপক সৰ্বেশ্বৰ হাজৰিকাক সম্বৰ্ধনা মাজুলী মহাবিদ্যালয় পৰিয়ালৰ
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অলপতে অনুষ্ঠিত সদৌ অসম কোচ ৰাজবংশী মাজুলী জিলা ছাত্ৰ সন্থাৰ ষষ্ঠ দ্বিবাৰ্ষিক অধিৱেশনত ‘বীৰ চিলাৰায় বঁটা’ গ্ৰহণ কৰা মাজুলী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সৰ্বেশ্বৰ হাজৰিকাক আজি মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা বিপুলভাবে সম্বৰ্ধনা জনাই । এই উপলক্ষে আজি মহাবিদ্যালয়খনিত অনুষ্ঠিত এখন সভাত সভাপতিত্বত কৰি অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই কয়— ২০০৩ চনৰ পৰা ২০০৯ চনলৈকে মহাবিদ্যালয়খনৰ অধ্যক্ষৰ দায়িত্ব পালন কৰা সৰ্বেশ্বৰ হাজৰিকাই জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰৱৰ্তিত ‘বীৰ চিলাৰায় বঁটা’ৰ প্ৰথমজন প্ৰাপক হোৱাটোৱে মহাবিদ্যালয় পৰিয়ালক অধিক গৌৰৱান্বিত কৰিছে। অধ্যক্ষ ডঃ শইকীয়াই লগতে কয়, মাজুলী জিলাত কোচ ৰাজবংশী সন্মিলনীৰ প্ৰতিষ্ঠা কৰি ১৯৭৩ চনৰ পৰা জনগোষ্ঠীটোৰ হকে কৰা ত্যাগৰ স্বীকৃতিস্বৰূপে সৰ্বেশ্বৰ হাজৰিকালৈ আগবঢ়োৱা বঁটাৰ যোগেদি যোগ্যজনক সন্মানীত কৰা হৈছে। সভাত বক্তব্য আগ বঢ়াই অৱসৰী অধ্যক্ষ নৰেন চন্দ্ৰ ঠাকুৰীয়া, অৱসৰী অধ্যাপক অমৃতেশ্বৰ চুতীয়া, অজয় প্ৰসাদ সিং, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, শিক্ষক গোটৰ সম্পাদক তুলসী ৰাজখোৱা আদিয়ে সৰ্বেশ্বৰ হাজৰিকাক আন্তৰিক অভিনন্দন জনায়। অধ্যাপিকা মায়াশ্ৰী ডেকা হাজৰিকা, ডঃ ৰাজেন বৰা, ডঃ ব্ৰজেন নেওগ, ইন্দিৰা বড়া, বিপুল ৰাজখোৱা, সুৰেন চন্দ্ৰ দাস, প্ৰণীতা ৰাজখোৱা, অপূৰ্বজ্যোতি হাজৰিকা, ডঃ দুলাল হাজৰিকা, দেৱজ্যোতি খাটনিয়াৰ, প্ৰণৱজ্যোতি বৰা, ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, গ্ৰন্থাগাৰিক প্ৰদীপ দাস প্ৰমুখ্যে শতাধিক শিক্ষক-কৰ্মচাৰী উপস্থিত থকা সভাখনিত বঁটাপ্ৰাপক সৰ্বেশ্বৰ হাজৰিকাই সকলোৰে পৰা আশীৰ্বাদ কামনা কৰে।