বীৰ চিলাৰায়ৰ – বন্দিতা শৰ্মা কন্দলি

Pc UB Photos

বীৰ চিলাৰায়ৰ

বন্দিতা শৰ্মা কন্দলি

মৰমৰ মইনাহঁত,তোমালোকে বীৰ চিলাৰায়ৰ নাম নিশ্চয় শুনিছা! প্ৰাচীন কামৰূপ কমতা ৰাজ্যৰ কোঁচ বংশৰ মহান পণ্ডিত,প্ৰবল প্ৰতাপী যোদ্ধা , সেনাপতি বীৰ চিলাৰায়ে ১৫১০ খ্ৰীষ্টাব্দৰ মাঘী পূৰ্ণিমাৰ দিনা জন্মগ্ৰহণ কৰিছিল। তেওঁ কোঁচ ৰাজবংশৰ প্ৰতিষ্ঠাপক ৰজা বিশ্ব সিংহৰ পুত্ৰ আৰু ৰজা নৰনাৰায়ণৰ ভাতৃ। তেওঁৰ প্ৰকৃত নাম আছিল শুক্লধ্বজ।

বাৰাণসীৰ ব্ৰহ্মাণ্ড সন্নাসীৰ আশ্ৰমত থাকি নৰনাৰায়ণ আৰু শুক্লধ্বজে গুৰুকুল শিক্ষা পদ্ধতিত ব্যাকৰণ, সাহিত্য,জ্যোতিষ, ধৰ্মশাস্ত্ৰ, অসিছালনা, মল্লযুদ্ধ আদিত বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছিল। ১৫৪০ খ্ৰীষ্টাব্দত পিতৃৰ মৃত্যুৰ পিছত দুয়োজনে শিক্ষা গ্ৰহণ সিমানতে সামৰি নৰনাৰায়ণ ৰাজপাটত বহে আৰু শুক্লধ্বজে সেনাপতিৰ দায়িত্ব মূৰ পাতি লয়। প্ৰথমতে তেওঁ আহোম ৰাজ্য আক্ৰমণ কৰিবলৈ স্থিৰ কৰি কোচবিহাৰৰ পৰা নাৰায়ণপুৰলৈ ৩৫০ মাইল দীঘল এটা আলিবাট বান্ধোৱাৰ ব্যৱস্থা কৰে।১৫৪৬ খ্ৰীষ্টাব্দত সেই আলিয়েদিয়েই আগুৱাই গৈ আহোম ৰাজ্য আক্ৰমণ কৰে। জানিবলৈ পোৱা যায় যে শুক্লধ্বজে যুদ্ধক্ষেত্ৰত চিলনীৰ দৰে চোঁ মাৰি গৈ শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছিল। সেয়ে তেওঁৰ নাম চিলাৰায় হয়। কোনো কোনোৰ মতে আকৌ চিলা উৰাদি উৰি গৈ শত্ৰুক আক্ৰমণ কৰে বাবে তেওঁৰ নাম চিলাৰায় ৰখা হয়।১৫৬৩ খ্ৰীষ্টাব্দত আহোম ৰাজ্য আক্ৰমণ কৰি আহোমৰ ৰাজধানী গড়গাঁও দখল কৰে। তাৰ পিছত তেওঁ এখন এখনকৈ ৰাজ্য জয় কৰি ভৱিষ্যতে এখন বৃহত্তৰ অসমীয়া সমাজ গঠন কৰাই ৰাজ্য জয়ৰ মূল উদ্দেশ্য আছিল।

চিলাৰায় কেৱল এজন নিপুণ যোদ্ধাই নাছিল, তেওঁ সাহিত্য,কলা, সংগীত, ধৰ্ম চৰ্চা,সমাজসেৱা আদি বিভিন্ন ক্ষেত্ৰত অভূতপূৰ্ব খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ তত্বাবধানতে সেই সময়ৰ কোঁচৰাজ্য কমতাপুৰৰ ৰাজসভাত থকা বহুকেইজন বৈষ্ণৱ কবি নাট্যকাৰৰ কাব্য, গীত,নাট আদি ৰচনা হৈছিল। চিলাৰায়ে শঙ্কৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰতি মুগ্ধ হৈ শংকৰদেৱৰ শিষ্যত্ব গ্ৰহণ কৰে। সেই সময়তে শংকৰদেৱে বহুকেইখন মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল। চিলাৰায়ৰ উদগনিতে কবি পীতাম্বৰে ভাগৱতৰ “দশম স্কন্ধ” ৰচনা কৰিছিল। কবি ৰাম সৰস্বতীয়ে চিলাৰায়ৰ অনুৰোধতে মহাভাৰতৰ বিভিন্ন পৰ্বৰ পৰা কেইবা খনো মূল্যবান গ্ৰন্থ ৰচনা কৰিছিল। চিলাৰায়ে ভগ্ন অৱস্থাত থকা কামাখ্যা দেৱীৰ মন্দিৰ আৰু মাধৱ মন্দিৰ পুনৰ নিৰ্মাণ কৰি উলিয়াইছিল।

১৫৭৫ খ্ৰীষ্টাব্দত গৌড় ৰাজ্য আক্ৰমণ কৰি নিজ ৰাজ্যলৈ ঘূৰি অহাৰ পথত বৰআই ৰোগত আক্ৰান্ত হৈ গংগাৰ পাৰত মৃত্যু বৰণ কৰে। এইজনা মহান ব্যক্তিৰ কৰ্মৰাজী, ব্যক্তিত্ব আৰু পাণ্ডিত্য অতুলনীয়। পোন্ধৰ শতিকাতে বৰঅসম গঢ়াৰ মানসেৰে উত্তৰ পুৰুষৰ বাবে আদৰ্শ দেখুৱাই যোৱা ঐতিহাসিক পুৰুষ চিলাৰায়ৰ স্মৃতি সজীৱ কৰি ৰাখিবৰ বাবে ২০০৫ চনৰ পৰা অসমবাসীয়ে প্ৰতি বছৰে মাঘ মাহৰ পূৰ্ণিমা তিথি দিনটো “বীৰ চিলাৰায় দিৱস ” হিচাপে পালন কৰি আহিছে।২০২৬ চনত ফ্ৰেব্ৰুৱাৰী মাহৰ ১ তাৰিখে মাঘ মাহৰ পূৰ্ণিমা তিথি মিলিছে। সেয়ে এই বছৰ ১ ফ্ৰেব্ৰুৱাৰীত বীৰ চিলাৰায়ৰ বিষয়ে অধ্যয়ন কৰি তেখেতৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰি চিলাৰায় দিৱস পালন কৰিম।