বীৰাংগনা নাৰী কনকলতা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
সুদীৰ্ঘ কালৰ ভাৰতৰ স্বাধীনতা আন্দোলনত শ্বহীদ বৰণ কৰা অগণন শ্বহীদৰ দীঘলীয়া সূচীত অসমৰ অনেক সু-সন্তান, যেনে –পিয়লি ফুকন, মণিৰাম দেৱান,কুশল কোঁৱৰ,মুকুন্দ কাকতি, কনকলতা, ভোগেশ্বৰী ফুকননী, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু বহুতো দেশভক্ত বীৰ বীৰাংগনাৰ নাম ভাৰতৰ বুৰঞ্জীত সোণালী আখৰেৰে লিখা থাকিব। এই শ্বহীদসকলৰ মাজত কনকলতা বৰুৱাৰ নাম চিৰস্মৰণীয়। কনকলতাৰ দুৰ্বাৰ সাহস,মনোবল আৰু গভীৰ দেশপ্ৰেমৰ আদৰ্শই আজিও কনকলতাক এগৰাকী বীৰাংগনা নাৰী হিচাপে যুগমীয়া কৰি ৰাখিছে। সৰুতে ঘাতমাউৰা হোৱা কনকলতাই ভায়েক ৰজনীকান্ত আৰু ভনীয়েক দেৱবালাৰ সৈতে ককাদেউতা আৰু খুৰাকহঁতৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। মাত্ৰ তৃতীয়মান লৈকে পঢ়াৰ পাছত কনকলতাৰ স্কুলীয়া শিক্ষাৰ সাং পৰে। সেই সময়ত জাতিৰ পিতা মহাত্মা গান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰততে স্বাধীনতা আন্দোলনৰ সূচনা হৈছিল। সেই আন্দোলনৰ ঢৌৱে কণমানি কনকলতাৰ হৃদয়তো দেশপ্ৰেমৰ ভাৱ জাগ্ৰত হৈছিল।
পৰৱৰ্তী কনকলতাই ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগৰণুৱা স্বেচ্ছাসেৱিকা হিচাপে পৰিচিত হৈছিল।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত কংগ্ৰেছ স্বেচ্ছাসেৱক বাহিনীৰ সমান্তৰাল ভাৱে অসমত ” মৃত্যু বাহিনী” গঠন হৈছিল। ক’বলৈ গ’লে ভাৰতৰ কোনো এখন প্ৰান্তত ” মৃত্যু বাহিনী”ৰ দৰে কোনো বিপ্লৱৰ অগ্নি-স্ফুলিঙ্গ জাগ্ৰত কৰা বীৰ বীৰাংগনাৰ নাম অন্তৰ্ভুক্ত হোৱা স্বেচ্ছাসেৱক দ’লৰ সৃষ্টি হোৱা নাছিল। এই মৃত্যু বাহিনী ৰ স্বেচ্ছাসেৱক বাহিনীয়ে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী জাতীয়তাবাদী উদাত্ত কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰি কৰি স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নেতৃত্বত ” মৃত্যু বাহিনী” স্বেচ্ছাসেৱকসকলে ১৯৪২ চনৰ ২০ চেপ্তেম্বৰ তাৰিখে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অসম শাখাই প্ৰতিটো থানাত , যেনে — গহপুৰ,বিহালি, চতিয়া আৰু ঢেকীয়াজুলিত উৰি থকা ব্ৰিটিছৰ পতাকা ইউনিয়ন জেক নমাই তাৰ ঠাইত ভাৰতীয় জাতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছিল। গহপুৰত গোলোকচন্দ্ৰ পূজাৰী আৰু জোনাৰাম ভূঞাৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি থাকোঁতেই গহপুৰৰ পশ্চিম ফালৰ পৰা থানা অভিমুখে অহা মৃত্যু বাহিনীৰ সন্মুখত থকা মূল স্বেচ্ছাসেৱিকা গৰাকী আছিল বীৰাংগনা কনকলতা । প্ৰথমতে এই শোভাযাত্ৰাৰ কাৰ্যসূচীত কনকলতা সাধাৰণ সদস্য হিচাপেহে অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু তেওঁ নিজৰ যুক্তি আৰু অসীম সাহসিকতা আৰু আগ্ৰহ দেখুৱাই একপ্ৰকাৰ জোৰ-জবৰদস্তি কৰি মৃত্যু বাহিনীত নাম ভৰ্ত্তি কৰাই লয়। কাৰণ, মৃত্যু বাহিনীৰ নিয়ম অনুসৰি ১৮ বছৰ বয়সৰ পৰাইহে মৃত্যু বাহিনীত নাম ভৰ্ত্তি কৰিব পাৰে। কনকলতা বৰুৱাই মাত্ৰ ষোল বছৰ বয়সতে এই “মৃত্যু বাহিনী”ত যোগ দিব পাৰিছিল যদিও শোভাযাত্ৰাৰ নেতৃ পুষ্পলতা দাসে বাধা প্ৰদান কৰা সত্ত্বেও কেৱল তেওঁৰ অদম্য সাহস আৰু প্ৰবল আগ্ৰহৰ বাবে অৱশেষত কনকলতাই মৃত্যু বাহিনীৰ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। কেৱল সেয়ে নহয়, শোভাযাত্ৰাৰ নীতি-নিৰ্দেশনাৰ মতে এই শোভাযাত্ৰাৰ সন্মুখত মতা স্বেচ্ছাসেৱক সকলে আগভাগ লোৱাৰ দায়িত্ব দিয়া হৈছিল যদিও কনকলতাই এই নীতিৰ-নিৰ্দেশনাক যুক্তিৰে খণ্ডন কৰি পাঁচ হেজাৰ স্বেচ্ছাসেৱকৰ একেবাৰে সন্মুখত নাৰী স্বেচ্ছাসেৱিকাসকলক অগ্ৰগামী ভূমিকা গ্ৰহণ কৰাৰ ব্যৱস্থা কৰাই দি নিজে নেতৃত্ব প্ৰদান কৰিছিল। ” মৃত্যু গচকি আনা জয় জিনি” নামৰ ঐতিহাসিক উপন্যাসত ঔপন্যাসিক বীৰেন বৰকটকীয়ে কনকলতাৰ এই বৈপ্লৱিক দৃষ্টিভঙ্গীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছে।
যি কি নহওক ” মৃত্যু বাহিনী” ৰ মূল স্বেচ্ছাসেৱিকা হিচাপে কনকলতাই মহাত্মা গান্ধীৰ ভাৰত ত্যাগ আন্দোলনৰ শ্লোগান” Do or die, মৰেংগে ইয়া মাৰেংগে ধ্বনিৰে মুখৰিত কৰি শোভাযাত্ৰা উলিয়াই গহপুৰ থানাৰ পশ্চিম গেটেৰে আগবাঢ়ি থানালৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়ত থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰেবতী মোহনে পুলিচ বাহিনী লৈ শোভাযাত্ৰাকাৰীক বাধা প্ৰদান কৰি হুচিয়াৰী বাণী শুনায় যে , তেওঁলোকে অতি শীঘ্ৰে তাৰ পৰা উভতি যাওক, অন্যথা তেওঁলোকে মৃত্যুৰ সন্মুখীন হ’ব পাৰে। তেতিয়া কনকলতাই হাতত ধৰি থকা ত্ৰিৰংগা পতাকা দেখুৱাই আৰক্ষী বিষয়াজনক পতিয়ন নিয়াবলৈ চেষ্টা কৰি কৈছিল যে, তেওঁলোকে এই থানাত স্বাধীন ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিবলৈ আহিছে আৰু যিকোনো মূল্যৰ বিনিময়ত তেওঁলোকে এই ত্ৰিৰংগা পতাকা উত্তোলন কৰিবই। কনকলতাই পুলিচবাহিনীৰ সকলো বাধা নেওচি পুলিচৰ বন্দুক এহাতেৰে ঠেলি দি থানাৰ একেবাৰে সন্মুখত থিয় হৈ কৈছিল, ” আপোনালোকে মোৰ দেহক হত্যা কৰিব পাৰে, কিন্তু মোৰ অবিনশ্বৰ আত্মাক স্পৰ্শ কৰিব নোৱাৰিব। হে ব্ৰিটিছ শাসকৰ দল! আপোনালোকে আপ্ৰাণ চেষ্টা চলাই যিকোনো প্ৰকাৰে বাধা প্ৰদান কৰিলেও আমি আগবাঢ়ি যামেই আৰু আমাৰ স্বাধীন ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিমেই।” তেতিয়া স্বাধীনতা সংগ্ৰামীৰ সৈতে কনকলতাৰো পুলিচ বাহিনীৰ লগত টনা-আঁজোৰা লাগে। এনে সময়তে কনকলতাই নিজৰ দাবী সাব্যস্ত কৰিবলৈ বৃটিছৰ ইয়নিয়ন জেক নমাই স্বাধীন ভাৰতৰ জাতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ সকলো প্ৰচেষ্টাক ব্যৰ্থ কৰি চিপাহী বগাই কছাৰীয়ে কনকলতাৰ বুকু টোঁৱাই গুলী বৰ্ষণ কৰে। ফলত কনকলতা মাটিত বাগৰি পৰি থানাৰ সন্মুখতে শ্বহীদ বৰণ কৰে। তেতিয়াও তেওঁ হাতত থকা জাতীয় পতাকাখন ওপৰলৈ ধৰি আছিল। শ্বহীদ বৰণ কৰা কনকলতাৰ হাতত তুলি ধৰা এই পতাকাখন মুকুন্দ কাকতিয়ে লোৱাৰ লগে লগে ব্ৰিটিছৰ পুলিচ বাহিনীয়ে তেওঁকো গুলিয়াই হত্যা কৰে। একে দিনাই অলপ অগাপিছাকৈ গহপুৰ থানাৰ সন্মুখত দুগৰাকী বীৰ-বীৰাংগনাই দেশৰ স্বাধীনতাৰ বাবে শ্বহীদ বৰণ কৰিছিল। কনকলতাক ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ নেতৃত্ব প্ৰদান কৰা ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ লগত তুলনা কৰিব পাৰি ; কাৰণ , ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ দৰে অসমৰ বীৰাংগনা কনকলতাও মৃত্যু পণ কৰি সন্মুখ যুদ্ধত জঁপিয়াই পৰি মৃত্যুক আকোঁৱালি লৈছিল। আৰু এই গৰাকী দুৰ্বাৰ সাহসী বীৰাংগনা কনকলতাই বিপ্লৱী সেনা নায়ক সুভাষচন্দ্ৰ বসুৰ ” আজাদ হিন্দ ফৌজ” ৰ সক্ৰিয় সদস্য হিচাপেও অংশ গ্ৰহণ কৰিব বিচাৰিছিল ; কিন্তু ওঠৰ বছৰৰ তলত বয়স হোৱাৰ বাবে তাতে অন্তৰ্ভুক্ত হোৱা নাছিল যদিও তেওঁ কেতিয়াও মনোবল হেৰুওৱা নাছিল।
মুঠতে,কনকলতা বৰুৱাই মৃত্যুক নেওচি গহপুৰ থানাত স্বাধীন ভাৰতৰ জাতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰাৰ সাহসিক পদক্ষেপ আছিল ঔপনিৱেশিক ব্ৰিটিছ শাসকৰ অত্যাচাৰ, শোষণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে শক্তিশালী সাহসৰ প্ৰতীক আৰু জাতীয়তাবাদী ভাৱধাৰাৰ ওপৰত প্ৰতিষ্ঠিত আদৰ্শ।
কনকলতাৰ আত্মত্যাগে সমাজলৈ কঢ়িয়াই আনিছে এটি নতুন বাৰ্তা — সেয়া হ’ল পুৰুষসকলক বেছি শক্তিশালী বুলি বিবেচনা কৰি আন্দোলনৰ সকলো নেতৃত্ব তেওঁলোকক প্ৰদান কৰাৰ মানসিকতাক প্ৰত্যাহ্বান জনাই নাৰীক স্বাধীনতা আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰি নেতৃত্ব গ্ৰহণ কৰাৰ দৃঢ়তা প্ৰকাশ কৰিছিল।
শ্বহীদ কনকলতা বৰুৱাৰ আত্মত্যাগ হ’ল , যুৱ-চামৰ দুৰ্বিনীত সাহসিকতা, জাতীয় গৌৰবোজ্জ্বল সুদৃঢ়কৰণ, নাৰীৰ সবলীকৰণৰ প্ৰতীক-স্বৰূপ। লগতে পৰৱৰ্তী উত্তৰপুৰুষক সমাজৰ সকলো প্ৰকাৰৰ অন্যায়, অবিচাৰ, অত্যাচাৰ, নিৰ্যাতন, শোষণ, হত্যা,লুট আৰু ধৰ্ষণৰ বিৰুদ্ধে সামাজিক আৰু ৰাজনৈতিক গণ-আন্দোলন গঢ়ি তোলা।
কনকলতা বৰুৱাৰ নামেৰে ১৯৯৮ চনত অসমৰ ৰাজ্যিক চৰকাৰে ” কনকলতা মহিলা বেংক” নামেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন মহিলা বেংক স্থাপন হৈছে। উক্ত বেংকৰ জৰিয়তে অসম চৰকাৰে গ্ৰামাঞ্চলৰ মহিলাসকলৰ আত্মসহায়ক গোটসমূহক আৰ্থিক অনুদান আগবঢ়াই গোটসমূহৰ স্থিতি সবল কৰি তোলাৰ লগতে কনকলতা বৰুৱাৰ নামেৰে ” কনকলতা মহিলা সবলীকৰণ যোজনা” নামেৰে এক দৰিদ্ৰতা দূৰীকৰণৰ আঁচনি ২০১৭-১৮ চনৰ পৰা আৰম্ভ কৰে আৰু তেওঁক বীৰবালা আখ্যা দিয়া হয়।
কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ বৰণ কৰা স্থানতে বৰ্তমান গহপুৰ নগৰৰ মাজমজিয়াত গহপুৰ আৰক্ষী থানাৰ সন্মুখৰ বৰপুখুৰীৰ পাৰত তেওঁলোকৰ স্মৃতিত ব্ৰঞ্জেৰে নিৰ্মিত পুৰ্ণাবয়ব মূৰ্ত্তিযুগল প্ৰতিষ্ঠিত হৈছে। ১৯৯৭ চনত আৰম্ভ হোৱা ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ আই চি জি এছ কনকলতা বৰুৱা নামে প্ৰথমখন পহৰাদাৰী জাহাজ ৰখা হৈছে। ২০১১ চনত গৌৰীপুৰত তেওঁৰ এটা জীৱন্ত মূৰ্ত্তি উন্মোচন কৰা হয়।
কনকলতা বৰুৱাৰ জীৱন আৰু আত্মত্যাগৰ ওপৰত নিৰ্মাণ কৰা অসমীয়া চলচ্চিত্ৰ ” এপাহি সৰিল ” ৰ পৰিচালিকা কুন্তলা ডেকাই ” পূৰৱ কী আৱাজ ” নামেৰে হিন্দী চলচ্চিত্ৰ নিৰ্মাণ কৰিছে।
ইয়াৰ উপৰিও অসমৰ বিভিন্ন চুকে কোণে কনকলতা বৰুৱাৰ নামেৰে অসংখ্য শিক্ষানুষ্ঠান গঢ়ি উঠিছে। আৰু প্ৰতি বছৰে ২০ চেপ্তেম্বৰ তাৰিখে কনকলতা বৰুৱা সোঁৱৰণী দিৱস উদযাপন কৰা হয়। তথাপি বৰ্তমান সমাজত চলি থকা ক্ষয়িষ্ণু, উঁয়ে খোৱা সমাজ-ব্যৱস্থাত বীৰাংগনা কনকলতা বৰুৱাৰ আত্মত্যাগ, বৈপ্লৱিক চেতনাবোধ, দৃঢ় মনোবল, অসীম সাহসিকতা আৰু আগ্ৰহ লগতে আদৰ্শৰ প্ৰতি অগাধ বিশ্বাস — এই মহৎ গুণসমূহৰ প্ৰাসংগিকতাক নুই কৰিব নোৱাৰি।
মাত্ৰ সোতৰ বছৰ বয়সতে কনকলতা বৰুৱাই দুৰ্দান্ত সাহসেৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিপ্লৱী জাতীয়তাবাদী উদাত্ত কবিতা আবৃত্তি আৰু গীত পৰিৱেশন কৰাৰ উপৰিও ভাৰত ত্যাগ আন্দোলনৰ শ্লোগানেৰে স্বাধীন ভাৰতৰ জাতীয় ত্ৰিৰংগা পতাকা উত্তোলন কৰিবলৈ গৈ পুলিচৰ গুলীত শ্বহীদ বৰণ কৰা এই গৰাকী বীৰাংনাক অসমীয়া জাতিৰ হৈ অসীম শ্ৰদ্ধাৰে সুঁৱৰিছো। শ্বহীদ কনকলতা বৰুৱা অমৰ হওক !