বীৰযোদ্ধা লাচিত বৰফুকন – সুনম বিশ্বাস

Pc Guwahati plus

বীৰযোদ্ধা লাচিত বৰফুকন

সুনম বিশ্বাস
                               গোৰেশ্বৰ, তামুলপুৰ

দেশমাতৃৰ মহাসংকটৰ সময়ত জগত জননীক উদ্ধাৰ কৰাৰ অর্থে অদম্য শক্তি, সৎসাহস, ৰাজভক্তি তথা আপ্ৰাণ দেশপ্ৰেমেৰে উদ্বুদ্ধ এক বীৰ যুদ্ধাৰ আবির্ভাব হয়, স্বদেশৰ প্ৰীতিৰ অন্য এক নাম লাচিত বৰফুকন । যাৰ জন্ম হৈছিল আহোম ৰাজধানী গড়গাঁওৰ আশে-পাশে ১৬২২ খ্ৰীষ্টাব্দৰ ২৪ নৱেম্বৰ তাৰিখে। লুখুৰাখন ফৈদৰ লান- ফিমা বংশত জন্ম গ্রহণ কৰা বীৰ যুদ্ধাৰ পিতৃৰ নাম শুকুতি যি পৰৱৰ্তী সময়ত আমাৰ মাজত ‘ মোমাই তামুলী’ নামেৰে পৰিচিত হয় আৰু মাতৃ নাগেশ্বৰী আইদেউ।

অসম মাতৃৰ চোতালখন বিদেশীৰ আগমনত অশুচি হৈ পৰিছিল, এক সংকটাপন্ন ক্ষণত অসমৰ এক উদীয়মান বীৰযোদ্ধাই প্ৰাণটাকি নৰিয়া দেহাৰে যুদ্ধ কৰি দেশ মাতৃক শত্ৰুৰ  কবলৰ পৰা ৰক্ষা কৰিছিল। দেশৰ কামত গাফিলতি কৰা নিজ মোমায়েকৰ শিৰশ্চেদ কৰিবলৈকো  আপোচ কৰা নাছিল । কিমান প্ৰগাঢ় দেশ- ভক্তিৰ দ্বাৰা উদ্বুদ্ধ হলে তেনে দুঃসাহসিক কাম কৰিব পাৰে;সেয়া ইতিহাসে আমাক সোঁৱৰাই। দেশমাতৃৰ  ক্ৰন্দন যেন নিজৰ তেজৰ সম্পৰ্কতকৈয়ো  উৰ্ধত। জাতীয় সত্তা যেন তেওঁৰ ৰন্ধ্ৰে -ৰন্ধ্ৰে বিৰাজমান। তেওঁৰ জাতীয় চেতনা আগ্নেয়গিৰিৰ দৰে উতলি উঠিছিল, যেতিয়া  সন্মুখতে মোগল সেনা আগবাঢ়ি আহিছিল, কিন্তু অসমীয়া সৈনৰ অৰ্ধগামী গতি দেখি তেতিয়া তেওঁৰ ধৈৰ্য্যৰ  বান্ধ ছিঙি  গৈছিল  নৰিয়া দেহাৰেই গৰজি উঠিল, “গণক,ৰজাই যি কৰে পিছৰ কথা, কিন্তু যুদ্ধলৈ যাবলৈ বাৰণ কৰিলে মই তোক এতিয়াই কাটিম।” ইয়াতে ফুটি উঠে তেওঁৰ অটল কৰ্তব্যনিষ্ঠা। তেওঁ অত্যন্ত দূৰদৰ্শী, কৰ্তব্যপৰায়ণ ৰাজভক্ত, দেশপ্ৰেমী তথা প্ৰবল যুদ্ধ প্রতাপী, সামৰিক কৌশলো তেওঁৰ তীক্ষ্ণ,যাৰ  দ্বাৰা মনোবল হেৰুৱা সৈন্য-বাহিনীক নিজ পাৰ্গতালিৰে  আকৃষ্ট কৰিব পাৰিছিল।  যাৰ প্রশংসা স্বয়ং মোগল সেনাপতি ৰামসিংহই নকৰি নোৱাৰিছিল! বিদায়বেলা তেওঁ কৈ গ’ल –” লাচিত বৰফুকন সামান্য বীৰ নহয় কি অদ্ভুত যন্ত্ৰাকৃতি গড়। মই কোনো ঠাইতে ছিদ্ৰ নাপালোঁ।”

যুদ্ধ সামৰণিৰ খুব কম দিনৰ ভিতৰতে আমি  আমাৰ ধ্ৰুৱতৰাক হেৰুৱালো, কিন্তু তেওঁৰ অদম্য শক্তি,  দেশপ্ৰেম  যুগযুগান্তৰ
অমৰ হৈ থাকিব। এক লাচিতৰ  ঠাইত যেন হাজাৰ-হাজাৰ লাচিতৰ জন্ম দি থৈ গ’ল,  দেশ মাতৃৰ ৰক্ষাৰ ক্ষেত্রত  প্ৰয়োজনাৰ্থে আত্মবলিদান  দিবলৈয়ো যেন কুণ্ঠাবোধ নকৰো সেই আৰ্হি তেখেতৰ কৰ্মজীৱনৰ দ্বাৰা দেখুৱাই থৈ গ’ল … তেওঁৰ  কৰ্ম, আদৰ্শ তথা বীৰত্বক শ্ৰদ্ধা জনাই-প্ৰতি বছৰে ২৪ নৱেম্বৰ দিনটো ‘লাচিত দিৱস’ হিচাপে পালন কৰা হয় ।