বীৰকুছি সাহিত্য সভাৰ অধিৱেশনত পুতলা নাট “তেজীমলা”

বীৰকুছি সাহিত্য সভাৰ অধিৱেশনত পুতলা নাট “তেজীমলা”

ৰঙিলী বাৰ্ত্তাসেৱা-  বৃহত্তৰ বীৰকুছি সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিৱেশন ২১ আৰু ২২ জানুৱাৰীত দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। ২১ জানুৱাৰীৰ সাংস্কৃতিক সন্ধিয়াত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথা “তেজীমলা” পুতলা নাটৰ মাধ্যমত পৰিৱেশিত হয়। নাট খনৰ ৰচনা তিলোত্তমা ভূঞা আৰু পৰিচলনা বিনীতা দেৱীৰ। পুতলা নাট খনত পুতলা সমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, বিনীতা দেৱী, কৰিশ্মিতা তালুকদাৰ, গীতিমা দাস, অনিতা দেৱী, গণেশ বড়ো, ৰমা চেত্ৰী আৰু সীমান্ত শৰ্মা। নাট খনৰ সংগীত পৰিচালক পাপু গোঁহাই। সংগীত পৰিবেশন পাপু গোঁহাই, অদিষ্ণা ৰাজবংশী। নাট খনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ গিৰিধৰ ৰয়, বিনীতা দেৱী, অণিমা দাস, গণেশ দাস, অদিষ্ণা ৰাজবংশী। পুতলা নাট খন সুন্দৰ ভাবে পৰিৱেশন কৰে। পুতলা সমূহৰ সঞ্চালন মানৱৰ যেন লগা হৈছিল। কোনো ধৰনৰ জড়তা দেখা পোৱা নাছিল। বীৰকুছিৰ শিশু সকলে নাট খন চাই খুব আনন্দিত হৈছিল। পুতলা নাচ প্ৰায় নেদেখা এটি লোক কলা। এই কলা নিশা প্ৰায় ১১ বজালৈ শিশু সকলে পুতলা নাট চাবলৈ ৰৈ থকা কাৰ্য্য অতি শুভ লক্ষণ। বীৰকুছিৰ সাহিত্য সভাই অসমৰ লোক কলা পুতলা নাচক গুৰুত্ব প্ৰদান কৰাতো প্ৰশংসাৰ যোগ্য।