বীণা শৰ্মালৈ ’লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা’

বীণা শৰ্মালৈ ’লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা’

ৰঙিলী বাৰ্ত্তাসেৱা- বিশ্বনাথ চাৰিআলিৰ গাংমৌ থানৰ জীয়ৰী, আদৰ্শময়ী মাতৃ, অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী,সমাজসেৱিকা তথা সুলেখিকা বীণা শৰ্মালৈ ২০২২বৰ্ষৰ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা আগবঢ়াইছে লেখিকা সংস্থা, অসমে। ডিব্ৰুগড় নিবাসী ধৰ্মানুৰাগী, ভাৰতীয় সাংস্কৃতিক পৰম্পৰাৰে সমৃদ্ধ নাৰী প্ৰয়াত লাৱণ্য হাজৰিকাৰ স্মৃতিত পৰিয়ালবৰ্গই আগবঢ়োৱা ন্যাস পুঁজিৰে লেখিকা সংস্থা অসমে ২০০৯ চনৰ পৰা প্ৰৱৰ্তন কৰে ’লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা৷’ বীণা শৰ্মাই দশম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি থাকোঁতেই সেই অঞ্চলৰে নিবাসী শিক্ষাবিদ ফণীন্দ্ৰ শৰ্মাৰ সতে বিবাহপাশত আৱদ্ধ হয়। বহু ঘাত-প্ৰতিঘাত আৰু প্ৰতিকূলতাৰ মাজেৰে বীণা শৰ্মাই তিনিটাকৈ সন্তানক সুশিক্ষাৰে শিক্ষিত কৰি তুলি অসমৰ মানৱ সম্পদ ৰূপে গঢ়ি তুলিলে। সাহিত্যৰ ক্ষেত্ৰখনলৈ অনবদ্য অৱদান আগবঢ়োৱা অনুপ্ৰেৰণাদায়িনী মাতৃ গৰাকীয়ে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত আৰ পি লামাৰ প্ৰৱন্ধ সংকলন ’ইন্দ্ৰধনুষ’ৰ অসমীয়া অনুবাদ ’ইন্দ্ৰধনু’ অনুবাদ কৰি ২০০৭ চনত প্ৰকাশ কৰি উলিয়াই। উল্লেখযোগ্য যে প্ৰখ্যাত সাহিত্যিক হোমেন বৰগোহাঞিৰ জনপ্ৰিয় উপন্যাস ’মৎস্যগন্ধা’ৰ নেপালী অনুবাদৰ কামো লেখিকাই ইতিমধ্যে সম্পূৰ্ণ কৰিছে। বীণা শৰ্মাৰ তিনিওটি সন্তান ক্ৰমে ড° জয়ন্ত কৃষ্ণ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক, প্ৰথমা কন্যা ড° ৰশ্মিৰেখা শৰ্মা বৰ্তমান বজালী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সীমান্ত) ৰূপে কৰ্মৰত আৰু কনিষ্ঠ কন্যা ৰ’জিৰাণী শৰ্মা ধুবুৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ৰূপে কৰ্মৰত। ড° ৰশ্মিৰেখা শৰ্মাও এগৰাকী সফল অনুবাদিকা। বীণা শৰ্মাৰ বোৱাৰী তথা ড° জয়ন্ত কৃষ্ণ শৰ্মাৰ পত্নী ড° নিৰ্মলা দেৱীও এগৰাকী বিজ্ঞানী। বীণা শৰ্মাৰ পৰিয়ালটি অসমীয়া আৰু নেপালী ভাষাৰ যোগসূত্ৰৰে গঁথা এখনি সেঁতু বুলিব পাৰি। অসমৰ সমাজ, সাহিত্য আৰু শিক্ষা জীৱনলৈ অপৰিসীম অৱদান আগবঢ়োৱা মাতৃ বীণা শৰ্মাক ছেপ্টেম্বৰ মাহৰ শেষাৰ্ধত ধুবুৰী জিলাত অনুষ্ঠিত হ’বলগীয়া এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত  ’লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা ২০২২’ প্ৰদান কৰা হ’ব বুলি লেখিকা সংস্থা,অসমৰ সভানেত্ৰী মৃদুলা শৰ্মা আৰু প্ৰধান সম্পাদিকা বিজয়া দেৱদাসে জনাইছে।