বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত বি বৰুৱা কলেজৰ ৮০বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- বি বৰুৱা কলেজ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ এখন কাৰ্য্যনিৰ্বাহক সভা ১০ ডিচেম্বৰত সংস্থাৰ কাৰ্য্যালয়ত অনুস্থিত হৈ যায়৷ সংস্থাৰ সভাপতি জগদীশ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুস্থিত সভাখনত বি বৰুৱা কলেজে ৰাষ্ট্ৰীয় মূল্যায়ন প্ৰত্যায়ন পৰিষদৰ দ্বাৰা A++ গ্ৰেড লাভ কৰিবলৈ সক্ষম হোৱা বাবে প্ৰতিজন সদস্য আনন্দিত হোৱাৰ লগতে প্ৰতিজনে গৌৰৱবোধ কৰে আৰু লগতে এই ধাৰা অক্ষুণ্ণ ৰখাৰ বাবে কলেজৰ অধ্যক্ষক এক অভিনন্দন প্ৰস্তাৱ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ইয়াৰ পিছতে বছৰযোৰা বিভিন্ন কাৰ্য্যসূচীৰে আৰম্ভ হোৱা কলেজৰ ৮০ বছৰীয়া জয়ন্তীৰ সামৰণি অনুষ্ঠান ৩ আৰু ৪ ফেব্ৰুৱাৰী ২০২৪ তাৰিখে দুদিনীয়া কাৰ্য্যসূচীৰে অনুস্থিত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সামৰণি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰাৰ বাবে সংস্থাৰ সম্পাদক ড° বিজয় শংকৰ গোস্বামীয়ে প্ৰতিজন বিবিয়ানক সহযোগ কৰাৰ লগতে সংস্থাৰ ওৱেবচাইট alumni.borooahcollege.ac.in ত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে৷